অসম

assam

ETV Bharat / state

যোৰহাটত মুকলি চেনিটেৰী নেপকিনৰ উদ্যোগ - চেনিটেৰী নেপকিন প্ৰস্তুতকৰণ কাৰখানা

মঙলবাৰে তিতাবৰত সম্পূৰ্ণ স্বাস্থ্যসন্মত আৰু ছালৰ উপযোগী মহিলাসকলৰ দ্বাৰা মহিলাসকলৰ বাবে প্ৰস্তুত কৰা চেনিটেৰী নেপকিন প্ৰস্তুতকৰণ  উদ্যোগটো মুকলি কৰা হয় ৷ তিতাবৰ উন্নয়ন খণ্ড কাৰ্যালয়ত খণ্ড উন্নয়ন বিষয়াগৰাকীৰ উপস্থিত এই উদ্যোগ মুকলি কৰা হয় ।

চেনিটেৰী নেপকিন প্ৰস্তুতকৰণ কাৰখানা মুকলি

By

Published : May 28, 2019, 7:15 PM IST

যোৰহাট, 28 মে' : এগৰাকী নাৰী সুস্থ সবল হৈ থাকিলেহে একো একোটা পৰিয়াল আৰু সমাজ সুস্থ সবল হৈ থাকে ‌। প্ৰতি গৰাকী নাৰীক সুস্থ সবল কৰি তুলিব কাৰণে অসমৰ ভিতৰত তৃতীয় আৰু যোৰহাট জিলাৰ প্ৰথমটো চেনিটেৰী নেপকিন প্ৰস্তুতকৰণৰ উদ্যোগ মুকলি ৷ মঙলবাৰে তিতাবৰত সম্পূৰ্ণ স্বাস্থ্যসন্মত আৰু ছালৰ উপযোগী মহিলাসকলৰ দ্বাৰা মহিলাসকলৰ বাবে প্ৰস্তুত কৰা চেনিটেৰী নেপকিন প্ৰস্তুতকৰণ উদ্যোগটো মুকলি কৰা হয় ৷ তিতাবৰ উন্নয়ন খণ্ড কাৰ্যালয়ত খণ্ড উন্নয়ন বিষয়াগৰাকীৰ উপস্থিত এই উদ্যোগ মুকলি কৰা হয় । অসম গ্ৰামীণ জীৱিকা মিচনৰ অধীনত তিতাবৰ মণ্ডল মহিলাসকলৰ দ্বাৰা প্ৰস্তুত কৰা হ'ব এই নেপকিন ।

চেনিটেৰী নেপকিন প্ৰস্তুতকৰণ কাৰখানা মুকলি

ABOUT THE AUTHOR

...view details