অসম

assam

By

Published : Apr 21, 2019, 10:09 PM IST

ETV Bharat / state

আদৰ্শৰ উৎকৃষ্ট উদাহৰণ ব’হাগী আত্মসহায়ক গোট

মহিলা কেইগৰাকীয়ে প্ৰতিমাহে 2500 টা নুনি আৰু এৰিৰ লেটাৰে 20 কেজি সূতা উৎপাদন কৰি আহিছে আৰু প্ৰত্যেক কেজি সূতাত 3000 টকাকৈ বিক্ৰী কৰে ।

আদৰ্শৰ উৎকৃষ্ট উদাহৰন বহাগী আত্ম সহায়ক গোট

মৰিয়নি, 21 এপ্ৰিলঃ মৰিয়নীৰ চেৰেলি গাঁৱৰ ব’হাগী আত্ম সহায়ক গোটে এৰি পলু পালনেৰে আদৰ্শৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে । নিজৰ লগতে পৰিয়ালকো পোহপাল মহিলা কেইগৰাকীৰ ।

আদৰ্শৰ উৎকৃষ্ট উদাহৰন বহাগী আত্ম সহায়ক গোট

কৰ্মবিমুখিতাৰ বিপৰীতে উৎকৃষ্ট উদাহৰণ ব’হাগী আত্মসহায়ক গোট । যি সময়ত একাংশ মহিলাই বন্ধন গোটৰ দৰে একাধিক বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণলৈ সৰ্বস্বান্ত হ’ব লগা হৈছে, সেই সময়তে কেই গৰাকীমান মহিলাই নিজৰ কৰ্মদক্ষতাৰে উপাৰ্জন কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে । মহিলা কেইগৰাকীয়ে নিজ স্বামীৰ উপাৰ্জনলৈ বাট নাচাই আত্মসহায়ক গোট গঠন কৰি কৰ্মবিমুখিতাৰ বিপৰীতে উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিবলৈ সক্ষম হ'ল তেওঁলোকৰ ধৈৰ্য্য, একাগ্ৰতাৰ বাবে । বৰ্তমান মহিলা কেইগৰাকীয়ে প্ৰতিমাহে 2500 টা নুনি আৰু এৰিৰ লেটা উৎপাদন কৰি 20 কেজি সূতা উৎপাদন কৰি আহিছে , আৰু প্ৰত্যেক কেজি সূতাত 3000 টকাকৈ বিক্ৰী কৰে তেওঁলোকে । ব’হাগী আত্মসহায়ক গোটৰ সদস্য সকলে নিজৰ লগতে আনকো স্বাৱলম্বিতাৰ উৎকৃষ্ট উদাহৰণ হৈ ৰ'ল সকলোৰে কাৰণে ।

ABOUT THE AUTHOR

...view details