19 জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ৰূপকোৱৰ নাট্য উৎসৱ 2023 যোৰহাট, 10 নৱেম্বৰ :শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে প্ৰতি বছৰে আয়োজন কৰি অহা জ্যোতিপ্ৰসাদ আগৰৱালা স্মাৰক ‘‘ৰূপকোৱৰ নাট্য উৎসৱ 2023’’ (Rupkowar Theater Festival 2023) প্ৰথমবাৰৰ বাবে কলাক্ষেত্ৰৰ চৌহদৰ বাহিৰত আয়োজন কৰিবলৈ ঠিৰাং কৰা হৈছে । এইবাৰ যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট থিয়েটাৰৰ সক্ৰিয় সহযোগত 19 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ যোৰহাটত বৰ্ণিল কাৰ্যসূচীৰে এই নাট্য উৎসৱ অনুষ্ঠিত হ’ব (Rupkowar Theater Festival will be held in Jorhat)।
উক্ত চাৰিওদিনীয়া কাৰ্যসূচীতে সন্ধিয়া 5:30 বজাৰ পৰাৰ একোখনকৈ সামাজিক তথা মনোৰঞ্জনধর্মী নাটক যোৰহাট থিয়েটাৰ প্ৰেক্ষাগৃহত মঞ্চস্থ কৰা হ’ব । 19 জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ প্ৰযোজনাৰে সংগীত নাটক অকাডেমী বঁটা প্ৰাপক বিশিষ্ট নাট পৰিচালক অবিনাশ শৰ্মাৰ পৰিচালনাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কালজয়ী নাট ‘ৰূপালীম’ মঞ্চস্থ কৰা হ’ব ।
20 জানুৱাৰীত যোৰহাট থিয়েটাৰৰ প্ৰযোজনাত অভিনেতা, পৰিচালক পবিত্ৰ বৰুৱাৰ পৰিচালনাৰে নাট্যকাৰ প্ৰশান্ত কটকীৰ ‘‘প্ৰাণৰো প্ৰাণৰ গানৰো গানৰ’’ শীৰ্ষক নাটখনি মঞ্চস্থ কৰা হ’ব । 21 জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ দ্বাৰা বিশেষভাৱে আমন্ত্ৰিত কলকাতাৰ ‘‘দক্ষিণেৰ বাতাস নাট্যগোষ্ঠী’’ৰ প্ৰযোজনাৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক অভিজিৎ কৰগুপ্তাৰ পৰিচালনাৰে মঞ্চায়ন কৰা হ’ব বাংলা নাটক ‘বিভাজন’ ।
22 জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ দ্বাৰা বিশেষভাৱে আমন্ত্ৰিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, চিক্কিম শাখাৰ চিক্কিম ৰেপাৰটেৰী ক’ম্পানীৰ প্ৰযোজনাৰে বিশিষ্ট নাট পৰিচালক বিপিন কুমাৰৰ পৰিকল্পনা আৰু পৰিচালনাৰে মঞ্চায়ন কৰা হ’ব হিন্দী নাট ‘‘চফেদ লকীৰ’’ ।
লগতে পঢ়ক :Mushroom Day 2023: জোনাই বালিকা মহাবিদ্যালয়ত উদযাপন চতুৰ্থ মাশ্বৰুম দিৱস
ৰূপকোঁৱৰ নাট্য উৎসৱৰ লগত সংগতি ৰাখি জগন্নাথ বৰুৱা মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ সক্ৰিয় সহযোগত মহাবিদ্যালয়ৰ গুণ গোবিন্দ দত্ত প্ৰেক্ষাগৃহত 20 আৰু 21 জানুৱাৰীত পুৱা 10:30 বজাৰ পৰা দুখনকৈ বিদ্যায়তনিক আৰু মননশীল ‘‘আলোচনা চক্ৰ’’ও অনুষ্ঠিত কৰা হ’ব ।
20 জানুৱাৰীত আলোচনা-চক্ৰৰ মূল বিষয় ‘‘স্বৰাজোত্তৰ কালৰ অসমীয়া মঞ্চ নাটৰ ধাৰা’’ । উক্ত আলোচনা-চক্ৰখনি শুভ উদ্বোধন কৰিব শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । এই আলোচনা-চক্ৰখনি সঞ্চালনা কৰিব বিশিষ্ট নাট পৰিচালক নয়ন প্ৰসাদে । সহঃ সঞ্চালনা কৰিব বিশিষ্ট নাট্যকর্মী প্ৰশান্ত শর্মাই ।
সমল ব্যক্তি হিচাপে উপস্থিত থাকিব অসমৰ বিশিষ্ট নাট্য ব্যক্তিত্ব ড৹ অৰূপ বৰঠাকুৰ, সপোনজ্যোতি ঠাকুৰ, গুণাকৰ দেৱগোস্বামী, ৰবিজিতা গগৈ আৰু বিদ্যাৱতী ফুকন । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা সৃষ্ট অংকীয়া নাটসমূহৰ পৰম্পৰাগত চিত্ৰ শৈলীত কলাক্ষেত্ৰৰ দ্বাৰা প্ৰস্তুত কৰা চিত্ৰ ব্যাখ্যাৰ এক প্ৰদর্শনীও আয়োজনৰ ব্যৱস্থা কৰা হৈছে ।
এই প্ৰদর্শনীত প্ৰতিখন নাটৰ আধাৰত অসমৰ 6 গৰাকী বিশিষ্ট চিত্ৰ শিল্পীৰ তত্বাৱধানত প্ৰস্তুত কৰি উলিওৱা প্ৰায় 120 খন চিত্ৰ প্ৰদৰ্শিত হ’ব । মঙলবাৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এক সংবাদ মেলযোগে এই কথা উল্লেখ কৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ, যোৰহাট থিয়েটাৰ হল আৰু যোৰহাট জিলা প্ৰশাসনৰ যৌথ সমিতিয়ে ।
এই সংবাদমেলত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, নাট্য উৎসৱৰ সঞ্চালক প্ৰদীপ পূজাৰী, বিশিষ্ট কলা নিৰ্দেশক নুৰদ্দিন আহমেদ, জয়ন্ত কুমাৰ গোস্বামী, যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, জনপ্ৰিয় কৌতুক অভিনেতা পবিত্ৰ বৰুৱা, যোগানন্দ গোস্বামীৰ লগতে বহু কেবাগৰাকীও বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়ক :Pottery Artists busy for Bihu: ভোগালীক আদৰিবলৈ সাজু অসমৰ মৃৎ শিল্পীসকল