গুৱাহাটী, ১৮ জুন: অসমত বিৰোধী কংগ্ৰেছক জোকাৰি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi)য়ে শুকুৰবাৰে দল আৰু বিধানসভাৰ পৰা পদত্যাগ কৰে ৷ কুৰ্মীয়ে অহা 21 জুনত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব ।
চাহ সম্প্ৰদায়ৰ নেতাগৰাকীয়ে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক তেওঁৰ বিধানসভা কাৰ্যালয়ত পদত্যাগ পত্ৰ প্ৰদান কৰে । কুৰ্মীয়ে সাংবাদিকক কয় যে তেওঁ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ (AICC)সভাপতি ছোনিয়া গান্ধীক পদত্যাগ পত্ৰ প্ৰদান কৰিছে ।
নাঁও বুৰিলেও টিঙৰ পৰা ননমা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এই কথা মানি নল’লেও জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী তথা নাঁওবৈচাৰ বৰ্তমানৰ বিধায়ক ভৰত নৰহে কয় যে, ৰূপজ্যোতি কুৰ্মী Rupjyoti Kurmi)ৰ দৰে এজন বিধায়কে যদি সচাকৈয়ে কংগ্ৰেছ দল ত্যাগ কৰে তেন্তে সেয়া হ’ব কংগ্ৰেছৰ বাবে ডাঙৰ ক্ষতি । অৱশ্যে তেওঁ ৰূপজ্যোতি কুৰ্মীৰ দলত্যাগৰ বিষয়ে বৰ্তমানলৈকে অৱগত নহয় বুলি মন্তব্য কৰে ৷ চাৰিবাৰকৈ কংগ্ৰেছৰ বিধায়ক হিচাপে বিজয়ী হোৱা ৰূপজ্যোতি কুৰ্মীৰ উপৰিও শুকুৰবাৰে কংগ্ৰেছ ত্যাগ কৰে দলটোৰ জ্যেষ্ঠ নেত্ৰী জুৰি শৰ্মা বৰদলৈৰ লগতে গুৱাহাটী মহানগৰ সমিতিৰ ভালেসংখ্যক নেতাই ।