অসম

assam

বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যুক পৰিকল্পিত হত্যা আখ্যা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

By

Published : Jun 18, 2020, 9:56 AM IST

Updated : Jun 18, 2020, 11:05 AM IST

এইসমূহ কাণ্ডৰ জৰিয়তে চৰকাৰে নিজৰ ব্যৰ্থতা সমূহ ঢকাৰ নতুন কৌশল ৰচনা কৰিছে বুলি উল্লেখ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

Rupjyoti Kurmi's reaction about Jyanta Borah incident
বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যুক পৰিকল্পিত হত্যা আখ্যা বিধায়ক ৰূপজ্যোতী কুৰ্মীৰ

যোৰহাট,18 জুন: যোৰহাট জিলাৰ বৰহোলাৰ যুৱক জয়ন্ত বৰাৰ মৃত্যুৰ ঘটনাৰ তদন্ত ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থা অথবা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক অৰ্পন কৰাৰ দাবী মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ যুৱক জনৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি উল্লেখ কৰি এইসমূহ কাণ্ডৰ জৰিয়তে চৰকাৰে নিজৰ ব্যৰ্থতা সমূহ ঢকাৰ নতুন কৌশল ৰচনা কৰিছে বুলি উল্লেখ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ উল্লেখ্য যে, চিকিৎসালয়ত ভৰ্তি কৰাৰ আগতেই জয়ন্ত বৰাৰ মৃত্যু হোৱা বুলি মন্তব্য কৰিছে বিধায়ক জনে ৷ বুধবাৰে জয়ন্ত বৰাৰ পৰিয়ালৰ খবৰ লোৱাৰ সময়তে বিধায়ক জনে সাংবাদিকৰ আগত দাঙি ধৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এখন প্ৰতিবেদন ৷

বৰহোলাৰ জয়ন্ত বৰাৰ মৃত্যুক পৰিকল্পিত হত্যা আখ্যা বিধায়ক ৰূপজ্যোতী কুৰ্মীৰ

উল্লেখযোগ্য যে, প্ৰতিবেদনত উল্লেখ থকা অনুযায়ী নিশা 3.25 বজাত যুৱকজনক চিকিৎসালয়লৈ লৈ যোৱাৰ 10 মিনিটৰ পাছতে চিকিৎসকে নিৰীক্ষণ কৰি 3.35 বজাত মৃত বুলি ঘোষণা কৰে যুৱকজনক ৷ তেনে স্থলত পূৱ মণ্ডলৰ DIG গৰাকীয়ে আৰক্ষীক ৰক্ষণাবেক্ষণ দিবলৈ বিচৰা মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বিধায়ক গৰাকীয়ে উন্মোচিত কৰা এই তথ্যৰ পাছত আৰক্ষীয়ে গ্ৰহণ কৰা পক্ষপাতমূলক স্থিতিক লৈ সমগ্ৰ জিলা খনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এতিয়া ৰাইজৰ মনত এটাই প্ৰশ্ন উচিত ন্যায় পাবনে আৰক্ষীৰ অত্যাচাৰত অকাল মৃত্যুক সাৱটি লোৱা জয়ন্ত বৰাৰ পৰিয়ালে ? নে একামাত্ৰ দৰিদ্ৰ আৰু ক্ষমতাহীন হোৱাৰ বাবে ন্যায়ৰ পৰা বঞ্চিত হ'ব যুৱকজনৰ বিধৱা মাতৃ ?

লগতে পঢ়কঃ ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ অস্থায়ী সদস্য পদ লাভ ভাৰতৰ

Last Updated : Jun 18, 2020, 11:05 AM IST

ABOUT THE AUTHOR

...view details