অসম

assam

ETV Bharat / state

মৰিয়নীত দুৰ্ঘটনাগ্ৰস্থ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন - rupjyoti kurmi road accident at moriani

বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত ৷ গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত দেৰগাঁৱত দুৰ্ঘটনাগ্ৰস্ত হয় বিধায়ক গৰাকীৰ গাড়ী ৷ দুৰ্ঘটনাত বিধায়ক গৰাকীৰ লগতে তেখেতৰ দেহৰক্ষী আঘাটপ্ৰাপ্ত হয় ৷

মৰিয়নী
মৰিয়নীত দুৰ্ঘটনাগ্ৰস্ত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন

By

Published : Jan 3, 2020, 10:57 PM IST

Updated : Jan 3, 2020, 11:45 PM IST

মৰিয়নী, 3 জানুৱাৰীঃ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত ৷ মৰিয়নীৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত দেৰগাঁও কাকদোঙা দলঙৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় বাহনখন ৷

মৰিয়নীত দুৰ্ঘটনাগ্ৰস্ত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন

যোৰহাট অভিমুখী গৈ থকা এখন ৱেগনাৰ সৈতে মুখামুখি সংঘৰ্ষ হয় বিধায়ক গৰাকীৰ বাহন ৷ দুৰ্ঘটনাটো বিধায়ক গৰাকীৰ লগতে তেওঁৰ দেহৰক্ষী দুজনো আছিল ৷ দুৰ্ঘটনাটো বিধায়ক গৰাকীৰ ভৰি আঙুলি ভঙাৰ বিপৰীতে এজন দেহৰক্ষীয়ে বুকুত আঘাত পায় ।

আনহাতে, বিধায়ক গৰাকীক চিকিৎসা প্ৰদানৰ বাবে ততাতৈয়াকৈ যোৰহাট অসামৰিক চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই । বর্তমান বিধায়ক গৰাকী সম্পূৰ্ণ বিপদমুক্ত বুলি জানিবলৈ দিয়ে চিকিৎসক গৰাকীয়ে ৷

লগতে পঢ়কঃ বিগত দুমাহত ভাৰতৰ পৰা 445 গৰাকী বাংলাদেশী উভতিছেঃ বিজিবি মুখ্য

Last Updated : Jan 3, 2020, 11:45 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details