যোৰহাট, ১৪ নৱেম্বৰ : সততে বাতৰিৰ শিৰোনামত থাকে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । কেতিয়াবা যদি ৰাজনৈতিক কাৰণত, কেতিয়াবা আকৌ বিভিন্ন জাতীয় দল-সংগঠনৰ লগত বিতৰ্কত সোমাই পৰে ৰূপজ্যোতি কুৰ্মী । তাৰ মাজতে আকৌ কেতিয়াবা বিতৰ্কিত মন্তব্যৰে চৰ্চালৈ আহে ৰূপজ্যোতি কুৰ্মী (Morioni MLA Rupjyoti Kurmi) ।
আনহাতে, বিভিন্ন ব্যতিক্ৰমী কৰ্মৰ বাবেও তেওঁ সংবাদ শিৰোনাম দখল কৰি আহিছে । শেহতীয়াভাৱে মৰিয়নিৰ ৰাসত ব্ৰহ্মাৰ ভাও দি ভাওনাত অৱতীৰ্ণ হৈ নিজৰ সাংস্কৃতিক মনৰ পৰিচয় দিছে এইগৰাকী যুৱ বিধায়কে (Rupjyoti Kurmi play role in Bhaona) । এইবাৰ ৰূপজ্যোতি কুৰ্মীক দেখা গ'ল এগৰাকী ক্ৰীড়াবিদৰ ৰূপত । যোৰহাটত পাঞ্জা খেলুৱৈৰ ৰূপত অৱতীৰ্ণ হ'ল বিধায়ক ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi as Panja player) ।
সদায় ব্যতিক্ৰমীৰ ৰূপত আৱিৰ্ভাৱ ঘটা মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এইবাৰ অন্য এটা ৰূপ । বিভিন্ন ৰাজনৈতিক কাম-কাজৰ মাজত ব্যস্ত থকাৰ মাজতে যোৰহাটত পাঞ্জা খেলিবলৈ আহে বিধায়ক ৰূপজ্যোতি কুৰ্মী (Rupjyoti Kurmi play Panja in Jorhat) । যোৰহাট জিলাত অনুষ্ঠিত এখন পাঞ্জা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।