যোৰহাট, ১৬ ফেব্ৰুৱাৰীঃ ভাৰত বন্ধ বুলি প্ৰচাৰহোৱা উৰাবাতৰিৰ প্ৰভাৱত হঠাতে বন্ধ হৈ পৰিল যোৰহাত চহৰৰ ব্যৱসায়িক প্ৰতিস্থান। পুৱাৰ ভাগত খোলা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ হঠাতে বন্ধ হৈ পৰাত হতভম্ব হৈ পৰে একাংশ লোক। প্ৰকৃততে কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা ভাৰতীয় চি আৰ পি এফ ৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলী হিচাপে ভাৰত বন্ধ দিয়া বুলি একাংশ লোকে উৰাবাতৰি বিয়পাই আছিল। কিন্তু এই বন্ধ সম্পৰ্কে প্ৰশাসন অথবা কোনো লোকৰ হাতত নাছিল কোনো নিশ্চিত তথ্য।
ভাৰত বন্ধৰ উৰা বাতৰিত স্তব্ধ হৈ পৰিল যোৰহাট - স্তব্ধ যোৰহাট
পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল ৰাজপথ

ভাৰত বন্ধৰ উৰা বাতৰিত স্তব্ধ হৈ পৰিল যোৰহাট
যোৰহাট চহৰৰ ব্য়ৱসায়ী সকলে সন্তাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা চি আৰ পি এফৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলী হিচাপে বন্ধ দিয়া বুলি শুনি স্বতঃফুৰ্ত ভাবে ব্যৱসায়িক প্ৰতিস্থানবোৰ বন্ধ কৰে। চহৰ খনৰ দোকান বজাৰৰ লগতে বন্ধ হৈ পৰে বিত্তীয় প্ৰতিষ্ঠান।
পাকিস্তান মুৰ্দাবাদ ধ্বনীৰে উত্তাল ৰাজপথ
আনহাতে সদৌ অসম সংখ্যা লঘু ছাত্র ইউনিয়ন(আমছু)ৰ উদ্যোগত চহৰখনৰ মাজৰে এক প্ৰতিবাদী সমদল উলিয়াই পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে শতাধিক পুৰুষ মহিলাই অংশগ্ৰহন কৰে।