টীয়ক, 19 মাৰ্চ : সোণ লাভ কৰা সকলৰ পৰিয়ালৰ সদস্য সকলে অগপত ভোট দিয়ক, নোপোৱা সকলে কংগ্ৰেছৰ পল্লৱীক ভোট দিয়ক, যিসকলে একাউন্টত মোডী চৰকাৰে দিয়া ধন একাউণ্টত লাভ কৰিছে তেওঁলোকে অগপক ভোট দিয়ক, যিসকলে ধন লাভ কৰা নাই তেঁওলোকে কংগ্ৰেছৰ পল্লৱীক ভোট দিয়ক । এইদৰে টীয়কৰ ভোটাৰ ৰাইজক আহ্বান জনালে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।
টীয়কত কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈৰ হৈ প্ৰচাৰ চলালে ৰকিবুল হুছেইনে - Congress candidate Pallavi Gogoi in Teok
সোণ লাভ কৰা সকলৰ পৰিয়ালৰ সদস্য সকলে অগপত ভোট দিয়ক, নোপোৱা সকলে কংগ্ৰেছৰ পল্লৱীক ভোট দিয়ক, যিসকলে একাউন্টত মোডী চৰকাৰে দিয়া ধন একাউণ্টত লাভ কৰিছে তেওঁলোকে অগপক ভোট দিয়ক, যিসকলে ধন লাভ কৰা নাই তেঁওলোকে কংগ্ৰেছৰ পল্লৱীক ভোট দিয়ক । এইদৰে টীয়কৰ ভোটাৰ ৰাইজক আহ্বান জনালে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।
টীয়কত কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈৰ হৈ প্ৰচাৰ চলালে ৰকিবুল হুছেইনে
টীয়কৰ তামুলীছিগাত আজি বিয়লি কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ আহি বিজেপিক তীব্ৰ কটাক্ষ কৰে ৰকিবুল হুছেইনে । প্ৰায় পাঁচ শতাধিক ৰাইজৰ উপস্থিতিত ভাষণ প্ৰদান কৰি ৰকিবুল হুছেইনে পল্লবী গগৈক জয়ী কৰাই কংগ্ৰেছক শক্তিশালী কৰিবলৈ আহ্বান জনায় । সভাৰ পূৰ্বে কেইবা শতাধিক সমৰ্থকে হাঁহচৰা চাৰিআলিৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ পথ মটৰচাইকেল ৰেলি কৰি ৰকিবুল হুছেইনক সভাস্থলীলৈ আগবঢ়াই আনে।
লগতে পঢ়ক:বাক্সা জিলাত আঠ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন