টীয়ক, 19 আগষ্ট : টীয়কত বুধবাৰে দিন দুপৰতে সংঘটিত হৈছে এক ডকাইতি কাণ্ড ৷ ৰাষ্ট্ৰীয় ঘাইপথত ব্যৱসায়ীৰ বাহনৰ পৰা দুৰ্বৃত্তই লুটি নিলে 2 লাখ টকা ৷ আমগুৰিৰ মহাবীৰ হাৰ্ডৱেৰ এণ্ড ইলেক্ট্ৰিকেলছৰ দুই কৰ্মচাৰীয়ে যোৰহাটৰ পৰা সামগ্ৰী নিবলৈ যোৱা অৱস্থাত ডকাইতে লুটিলে এই ধনৰাশি ৷
জানিব পৰা মতে, ডকাইতে নিজকে আৰক্ষী বুলি চিনাকি দি কৰ্মচাৰী দুজনক বাহনখন ৰখাবলৈ নিৰ্দেশ দিয়ে ৷ ইয়াৰ পাচতে কৰ্মচাৰী দুজনৰ পৰা টকাখিনি লৈ পলাই পত্ৰং দিয়ে ডকাইতৰ দলটোৱে ৷