যোৰহাট, 18 ফেব্ৰুৱাৰীঃৰাজ্যত অব্যাহত আছে গাড়ী চালকৰ দৌৰাত্ম্য ৷ পথ সুৰক্ষাৰ নাতি-নিয়ম উলংঘা কৰাৰ ফলত সঘনে সংঘটিত হৈ আহিছে পথ দূৰ্ঘটনা ৷ বৃহস্পতিবাৰে যোৰহাটৰ বাইপাছত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ এখন দ্ৰুতবেগী ট্ৰাক আৰু বেলেন' বাহনৰ মাজত হয় মুখা-মুখি সংঘৰ্ষ ৷ এই সংঘৰ্ষত বাহন দুখনৰ মাজত বাইক সহ সোমাই পৰে এজন যুৱক ৷ এই পথ দূৰ্ঘটনাত থিতাতেই নিহত হয় এই যুৱক ৷ নিহত যুৱক জন যোৰহাটৰে বুলি সন্দেহ কৰা হৈছে যদিও বৰ্তমানলৈকে চিনাক্ত হোৱা নাই যুৱক জনৰ পৰিচয় ৷
উল্লেখ্য যে, ঘটনাস্থলীত যোৰহাট সদৰ আৰক্ষী উপস্থিত হয় যদিও ঘটনাস্থলীৰ পৰা পলায়ন কৰে ট্ৰাকৰ চালক জন ৷ ইতিমধ্যে ঘটনা স্থলীৰ পৰা যোৰহাট সদৰ আৰক্ষী আৰু যান বাহন আৰক্ষীয়ে ট্ৰাক আৰু বেলেন' বাহন খন জব্দ কৰিবলৈ সক্ষম হয় ৷