যোৰহাট, 29 মাৰ্চ :সোমবাৰে যোৰহাট জিলাৰ তিতাবৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ তিতাবৰ এলেঙীৰ খাৰখোৱাত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷
স্থানীয় লোকে সদৰি কৰা মতে দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন বাইক আৰোহী ৷ নিহত লোকজনৰ নাম মুন ভূঞা ৷ ইফালে দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত হয় চুনু নায়কক নামৰ আন এজন বাইক আৰোহীৰ ৷ আহত লোক জনক বৰ্তমান যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে ৷