যোৰহাট, 28 মে’ : ৰাজ্যত সান্ধ্য আইনৰ সময়তে পশ্চিম যোৰহাটৰ টিলিকি আমত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনা । দুৰ্ঘটনা অনুসৰি দ্ৰুত বেগী এখন চাৰিচকীয়া বাহনে পথৰ কাষৰ এটা বৈদ্যুতিক খুটাত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাৰ ফলত বাহন খনৰ মাজতে দুভাগ হোৱাৰ দৰে অৱস্থা হয় । কিন্তু সৌভাগ্য ক্ৰমে ৰক্ষা পৰে বাহন খনৰ চালক । উল্লেখ্য যে, তীব্ৰ বেগৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰা বুলি সন্দেহ কৰে যানবাহন আৰক্ষীয়ে ।
টিলিকি আমত পথৰ পৰা বাগৰিল দ্ৰুতবেগী বাহন - বৈদ্যুতিক খুটা
পশ্চিম যোৰহাটত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা । সৌভাগ্য ক্ৰমে ৰক্ষা পৰে চালক ।

পশ্চিম যোৰহাটত সংঘটিত পথ দুৰ্ঘটনা