গুৱাহাটী,23 জানুৱাৰীঃ গণৰাজ্য দিৱসলৈ মাজত মাথো দুটা দিন বাকী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি। গণতন্ত্ৰ দিৱস উপলক্ষে আৰক্ষী-প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী। কোনো কূটাঘাতকাৰীয়ে যাতে কূটাঘাতমূলক ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ উঠিছে আৰক্ষী প্ৰশাসন। বৃহস্পতিবাৰে বৰলুইতত অভিযান চলাই নদী আৰক্ষীয়ে। মহানগৰীৰ পাণ্ডু-কামাখ্যা,উত্তৰ গুৱাহাটী আদি নদী ঘাটসমূহত এই অভিযান চলাই নদী আৰক্ষীয়ে। উল্লেখ্য যে,নদী আৰক্ষীয়ে এনেদৰে অভিযান চলাই আছে ২২ তাৰিখৰ পৰা।
গণৰাজ্য দিৱস উপলক্ষে বৰলুইতত নদী আৰক্ষীৰ অভিযান - বৰলুইতত অভিযান
গুৱাহাটীত আগন্তুক গণতন্ত্ৰ দিৱস উপলক্ষে আৰক্ষী-প্ৰশাসনে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী ৷ শেহতীয়াকৈ বৰলুইতত অভিযান চলাই নদী আৰক্ষীয়ে ৷
গণৰাজ্য দিৱস উপলক্ষে বৰলুইতত নদী আৰক্ষীৰ অভিযান