অসম

assam

By

Published : Apr 2, 2021, 2:34 PM IST

ETV Bharat / state

পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদ

শুকুৰবাৰে যোৰহাট জিলাৰ ই মিডিয়া বহিল প্ৰতিবাদত ৷ দুজনকৈ সংবাদ কৰ্মীক অসমৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকাই ফোনযোগে মৃত্যুৰ ভাবুকি দিয়া ঘটনাক কেন্দ্ৰ কৰি উত্তাল হৈ পৰে প্ৰতিবাদস্থলী ৷

পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদ
পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদ

টীয়ক, 2এপ্ৰিল:শুকুৰবাৰে যোৰহাট জিলাৰ ই মিডিয়া বহিল প্ৰতিবাদত ৷ দুজনকৈ সংবাদ কৰ্মীক অসমৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকাই ফোনযোগে মৃত্যুৰ ভাবুকি দিয়া ঘটনাক কেন্দ্ৰ কৰি উত্তাল হৈ পৰে প্ৰতিবাদস্থলী ৷

উল্লেখ্য যে, অসমত এইদৰে সাংবাদিক নীগ্ৰহৰ ঘটনা সততে ঘটি থাকে যদিও এই ক্ষেত্রত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয় । আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা সৰ্বানন্দ সোণোৱাল তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰতিবাদকাৰী সকলে ৷

পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদ

প্ৰভাৱশালী মন্ত্ৰীজনক আইনৰ আওতাত আনিবলৈ হুংকাৰ প্ৰদান কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰী সকলে ৷ অন্যথাই এই প্ৰতিবাদ অধিক জংগী ৰূপত কৰি তুলিব বুলি জানিবলৈ দিয়ে প্ৰতিবাদী সাংবাদীক সকলে ।

এই প্ৰতিবাদী কাৰ্যসূচী যোৰহাট জিলা সাংবাদিক সন্থা, আপকুৰ যোৰহাট জিলা সমিতি, আজুৰ যোৰহাট জিলা সমিতি, ছাত্র সন্থা, যুৱ ছাত্র পৰিষদ, চুতীয়া জাতি ছাত্র সন্থা, চাহ জনজাতি অধিকাৰ সংগ্ৰাম সমিতিয়ে অংশগ্ৰহণ কৰি প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰক সাংবাদিকৰ সুৰক্ষা প্ৰদানৰ দাবী জনায় ।

লগতে পঢ়ক:মোৰ বন্ধু হিমন্তই ভয় খাইছে: ৰকিবুল হুছেইন

ABOUT THE AUTHOR

...view details