অসম

assam

ETV Bharat / state

যোৰহাটত দুই সাংবাদিকৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ - reporter arrested in jorhat

যোৰহাট নগৰত এক চাঞ্চল্যকৰ ধন দাবীৰ ঘটনা পোহৰলৈ আহিছে ৷ ভুৱা সাংবাদিকক লগত লৈ নিজকে জাতীয় সংগঠনৰ সদস্য হিচাপে চিনাকী দিয়া কেইজনমান লোকৰ বিৰুদ্ধে ধন দাবীৰ অভিযোগ ৷ মহাবীৰ ফুড ইন্দাষ্ট্ৰিজ নামৰ প্ৰতিষ্ঠানটোক ধন দাবী কৰাৰ অভিযোগ ৷ কিন্তু এটা কথা মন কৰিবলগীয়া যে এই অভিযোগ সম্পূৰ্ণভাৱে নসাৎ কৰিছে দুই সাংবাদিকৰ লগতে এটা সংগঠনৰ এজন সদস্যই ৷

যোৰহাটত ধনদাবীৰ অভিযোগ দুই সাংবাদিকৰ বিৰুদ্ধে
যোৰহাটত ধনদাবীৰ অভিযোগ দুই সাংবাদিকৰ বিৰুদ্ধে

By

Published : May 27, 2021, 6:22 PM IST

যোৰহাট, 27 মে' : যোৰহাট নগৰত এক চাঞ্চল্যকৰ ধন দাবীৰ ঘটনা পোহৰলৈ আহিছে ৷ ভুৱা সাংবাদিকক লগত লৈ ধন দাবীৰ অভিযোগ, নিজকে জাতীয় সংগঠনৰ সদস্য হিচাপে চিনাকী দিয়া কেইজনমান লোকৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি ধনদাবী কৰিছিল মহাবীৰ ফুড ইন্দাষ্ট্ৰিজ নামৰ প্ৰতিষ্ঠানটোক ৷

চলিত মাহৰ 19 তাৰিখে মহাবীৰ ফুড ইন্দাষ্ট্ৰিজ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰলৈ ফোন কৰিছিল কেইজনমান লোকে ৷ প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা ফ্ৰুট'ক্স নামৰ শীতল পানীয়ত ৰঙৰ বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰে লোক কেইজনে ৷ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে সদৰী কৰা মতে লোককেইজনে প্ৰতিষ্ঠানটোলৈ আহি সাংবাদিকৰ কথা কৈ ভয়-ভাবুকি প্ৰদান কৰে ৷

এই ঘটনাৰ পোহৰলৈ অহাৰ পাচতে ধন দাবীৰ এক প্ৰসংগই চৰ্চা লাভ কৰে ৷ সমান্তৰালভাৱে ধন দাবীৰ এই ঘটনাত উল্লেখিত লোককেইজনৰ লগতে দুজন সাংবাদিকৰো নাম সাঙুৰ খাই পৰিছে বুলি জানিব পৰা গৈছে ৷ ইফালে এই অভিযোগ সম্পূৰ্ণভাৱে নসাৎ কৰিছে অভিযুক্তসকলে ৷ সাংবাদিক দুজনৰ মতে, খবৰ লাভ কৰি বাতৰি সংগ্ৰহৰ বাবেহে প্ৰতিষ্ঠানটোলৈ গৈছিল সাংবাদিক দুজন ৷ ধনদাবীৰ অভিযোগ সম্পূৰ্ণৰূপে যুক্তিহীন বুলি ক’লে সাংবাদিক দুজনে ৷

মহাবীৰ ফুড ইন্দাষ্ট্ৰিজ স্বত্বাধিকাৰৰ এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰিছে চিনামৰা আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে দুইজন সাংবাদিকক থানালৈ মাতি নি সোধপোছ অব্যাহত ৰখাৰ লগতে চলাইছে তদন্ত ৷ প্ৰশ্ন হয় এই দুই সাংবাদিকক লগত লৈ ধন দাবীৰ এই ঘটনাৰ লগত কোন জাতীয় সংগঠনৰ সদস্য জড়িত ? ইতিমধ্যে যোৰহাটৰ কেইবাটাও সংগঠনৰ নামৰ এই ধন দাবীৰ লগত নাম সাঙুৰ খাই পৰিছে ৷

লগতে পঢ়ক:কোনে নিছিল পৰেশ বৰুৱাক আলফালৈ ?

ABOUT THE AUTHOR

...view details