অসম

assam

ETV Bharat / state

হাইব্ৰিড ধানৰ উদ্ভাৱক ড৹ ইউৱান লংপিঙক সোঁৱৰণ অসম কৃষি বিশ্ববিদ্যালয়ৰ - অসম কৃষি বিশ্ববিদ্যালয়

সদ্যপ্ৰয়াত চীনা কৃষিবিজ্ঞানী ড৹ ইউৱান লংপিঙৰ সোঁৱৰণত অসম কৃষি বিশ্ববিদ্যালয়ত বিশেষ সভাৰ আয়োজন কৰা হয় । হাইব্ৰিড বীজৰ পিতৃখ্যাত বিজ্ঞানীগৰাকীৰ স্মৃতিত বিশ্ববিদ্যালয়ৰ বংশতত্ব আৰু উদ্ভিদ প্ৰজনন বিভাগৰ মুৰব্বী ড৹ কে কে শৰ্মাৰ সভাপতিত্বত ভাৰ্চুৱেল পদ্ধতিৰে এক স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰা হয় ।

ASSAM AGRICULTURAL UNIVERSITY
অসম কৃষি বিশ্ববিদ্যালয়

By

Published : May 26, 2021, 9:24 PM IST

Updated : May 26, 2021, 10:01 PM IST

যোৰহাট, ২৬ মে':হাইব্ৰিড ধানৰ উদ্ভাৱক, প্ৰসিদ্ধ চীনা কৃষি বিজ্ঞানী ড৹ ইউৱান লংপিঙৰ দেহাৱসান । হাইব্ৰিড ধানৰ বীজ উদ্ভাৱনৰ জৰিয়তে বিশ্বব্যাপি ধানৰ কৃষি গৱেষণা, উদ্ভাৱন আৰু এই দিশত উত্তৰণৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তনৰ সূচনা কৰিবলৈ সক্ষম হোৱা চীনা কৃষিবিজ্ঞানী সদ্যপ্ৰয়াত ড৹ ইউৱান লংপিঙক অসম কৃষি বিশ্ববিদ্যালয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । হাইব্ৰিড বীজৰ পিতৃখ্যাত বিজ্ঞানীগৰাকীৰ স্মৃতিত বিশ্ববিদ্যালয়ৰ বংশতত্ব আৰু উদ্ভিদ প্ৰজনন বিভাগৰ মুৰব্বী ড° কে কে শৰ্মাৰ সভাপতিত্বত ভাৰ্চুৱেল পদ্ধতিৰে এক স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰা হয় ।

বিভাগৰ অধ্যাপক ড৹ দেৱজিত শৰ্মাই ড° লংপিঙৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰা অনুষ্ঠানটোত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৪০ গৰাকী কৃষি বিজ্ঞানীয়ে অংশ গ্ৰহণ কৰে । গৱেষক ছাত্ৰ বি জয়শংকৰ ৰেড্ডীয়ে হাইব্ৰিড ধানৰ ওপৰত এক পাৱাৰপইন্ট প্ৰেজেন্টেশ্যন দাঙি ধৰে ।

১৯৭০ চনত হাইব্ৰিড ধানৰ বীজ উদ্ভাৱনৰ কৃতিত্ব লাভ কৰা আৰু যোৱা ২২ মে' তাৰিখে ৯১ বছৰ বয়সত দেহাৱসান হোৱা চীনা কৃষি বিজ্ঞানীগৰাকীৰ বিষয়ে নতুন দিল্লীস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী ড৹ এ তালুকদাৰে বিশেষভাৱে আলোকপাত কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ প্ৰসন্ন কুমাৰ পাঠকে চীনদেশত গৱেষণা কাৰ্য চলোৱা সময়ত ড৹ লংপিঙৰে হোৱা সাক্ষাৎকাৰৰ অভিজ্ঞতাৰ বিষয়ে স্মৰণ কৰে ।

তিতাবৰস্থিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ড৹ সঞ্জয় কুমাৰ চেতিয়া, অধ্যাপক পি কে বৰুৱা, ড৹ এন এচ শৰ্মাইয়ো হাইব্ৰিড ধানৰ বৈশিষ্ট্য আৰু গৱেষণাৰ ওপৰত আলোকপাত কৰে আৰু ড৹ ইউৱান লংপিঙৰ কৰ্মৰাজিক সোঁৱৰণ কৰে ।

লগতে পঢ়ক:ক'ভিড পৰিস্থিতি সন্দৰ্ভত কণ্ঠশিল্পী নীল আকাশৰ প্ৰতিক্ৰিয়া

Last Updated : May 26, 2021, 10:01 PM IST

ABOUT THE AUTHOR

...view details