যোৰহাট, ১২ মাৰ্চ :তিনিদিনীয়া কাৰ্যসূচীৰে অসম কৃষি বিশ্ববিদ্যালয় (Assam Agriculture University) ত আঞ্চলিক কৃষি মেলা ২০২২ (Regional Agriculture Fair 2022) ৰ শুভাৰম্ভ । ১২ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া এই কৃষি মেলাখনি উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই । উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ লগতে ছিকিমৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই মেলাখনিত কৃষক, কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ লগত জড়িত উদ্যোগীয়েও অংশগ্ৰহণ কৰিছে ।
১৪ মাৰ্চলৈ অসম কৃষি বিশ্ববিদ্যালয় (Assam Agriculture University) ৰ যোৰহাটস্থিত মূল চৌহদত অনুষ্ঠিত হ’বলগীয়া এই আঞ্চলিক কৃষি মেলাখন শনিবাৰে মুকলি কৰে কৃষিমন্ত্ৰী অতুল বৰাই । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত সুধীৰ কুমাৰ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, বিধায়কদ্বয় ভৱেন ভৰালী, ভাস্কৰ বৰুৱা, আটাৰীৰ ডাইৰেক্টৰ এ কে সিং উপস্থিত থাকে ।
এই আঞ্চলিক কৃষি মেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত প্ৰদৰ্শনীত অসম কৃষি বিশ্ববিদ্যালয় (Assam Agriculture University) ৰ লগতে কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় ইম্ফল, বৰাপানীস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ উত্তৰ-পূৱ পাৰ্বত্য কেন্দ্ৰ, আন্তৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান, ৰাজ্যিক কৃষি বিভাগ, ৰাজ্যিক উদ্যান শস্য বিভাগ, কেন্দ্ৰীয় এৰি-মুগা গৱেষণা প্ৰতিষ্ঠান, টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান আৰু উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ লগতে ৰাজ্যৰ কেইবাখনো আগশাৰীৰ নাৰ্চাৰীয়ে অংশগ্ৰহণ কৰিছে ।