টীয়ক,15 মে': ৰাজ্যত শেহতীয়াকৈ সঘনে পোহৰলৈ আহিছে ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত হোৱাৰ খবৰ ৷ এইবাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত হেমলাই চাহ বাগিছা অঞ্চলৰ দুই যুৱকক এক ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগত আটক কৰিছে আৰক্ষীয়ে ৷ আটকাধীন দুই যুৱকক শনিবাৰে আদালতত হাজিৰ কৰে আৰক্ষীয়ে ৷ ধৰ্ষণৰ অভিযোগত অভিযুক্ত এই যুৱক দুজনৰ নাম ক্ৰমে বিনয় দত্ত আৰু সমীৰ নায়ক বুলি প্ৰকাশ কৰিছে টীয়ক আৰক্ষীয়ে ৷ নিজা অঞ্চলৰে এগৰাকী কিশোৰীক এই দুই যুৱকে মিলি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হোৱাত আৰক্ষীয়ে আটক কৰিছে যুৱক দুজনক ৷
হেমলাই চাহ বাগিছা অঞ্চলৰ পৰা দুই ধৰ্ষণকাৰী আটক
টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত হেমলাই চাহ বাগিছা অঞ্চলৰ দুই যুৱকক এক ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগত আটক কৰিছে আৰক্ষীয়ে ৷ অভিযুক্ত এই যুৱক দুজনৰ নাম ক্ৰমে বিনয় দত্ত আৰু সমীৰ নায়ক বুলি প্ৰকাশ কৰিছে টীয়ক আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷
উল্লেখ্য যে, ভুক্তভোগী কিশোৰীৰ পৰিয়ালে তৰা গোচৰ অনুসৰি যোৱা 18 এপ্ৰিলতে এই দুই যুৱকে সংঘটিত কৰিছিল ধৰ্ষণ কাণ্ড ৷ কিন্তু ভয়ৰ বাবে সমগ্ৰ ঘটনা লুকুৱাই ৰাখিছিল ভুক্তভোগী কিশোৰী গৰাকীয়ে ৷ অৱশেষত সকলো কথা বিৱৰি কোৱাত শুকুৰবাৰে চেলেংহাট আৰক্ষী চকীত পৰিয়ালে ঘটনাৰ সন্দৰ্ভত এক এজাহাৰ দাখিল কৰে আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 313/21 IPC 341,342,376(3,34) ত এক গোচৰ ৰুজু কৰে ৷ সেই গোচৰৰ ভিত্তিতে দুই যুৱকক শুকুৰবাৰে নিশাই আৰক্ষীয়ে আটক কৰে । উল্লেখযোগ্য যে দুই যুৱকৰ বয়স মাত্ৰ 19 বছৰ ৷ ইপিনে যুৱকদ্বয়ৰ পৰিয়ালে ভুক্তভোগীৰ চৰিত্ৰলৈ আঙুলি তুলি এইয়া এক পাৰিবাৰিক কণ্ডলৰ পৰিনাম বুলি মন্তব্য কৰিছে ৷