টীয়ক, ১৮ এপ্ৰিল:ক’ভিদে কোঙা কৰা দুটা বছৰৰ পাছত অসমবাসীয়ে পালন কৰিছে হেঁপাহৰ ৰঙালী বিহু(Rangali Bihu celebration in Assam) । মনৰ আনন্দত এপাক কঁকাল ঘূৰাই নাচিছে সকলোৱে । ইয়াৰ মাজতে দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ । যোৰহাট জিলাৰ অন্যতম অগ্ৰণী শিক্ষা অনুস্থান টীয়কৰ জ্যোতি বিদ্যাপীঠে বিগত বছৰৰ দৰে এইবাৰো এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে ।
বিহুৰ বন্ধৰ পাচত সোমবাৰে বিদ্যালয় খোলাৰ প্ৰথম দিনটোত সকলো ছাত্ৰ-ছাত্ৰীক জাতীয় সাজ পৰিধান কৰাই বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰে(Wearing traditional dress in Teok school) । উল্লেখযোগ্য যে প্ৰাৰ্থনা সভাতেই শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী সকলোৱে ইজনে সিজনক বিহুৰ ওলগ জনাই । তাৰ পাছত সকলো নিজ নিজ শ্ৰেণীকোঠাত বহি পাঠদান আৰম্ভ কৰিছে আৰু কোঠাতে গুৰুক সেৱা কৰি আশীৰ্বাদ লৈছে ।