অসম

assam

ETV Bharat / state

Rangali Bihu 2023 : ৰজাহাউলী ৰংঘৰৰ বাকৰিত আয়োজন ব’হাগী উৎসৱ - যোৰহাটৰ ৰজাহাউলী ৰংঘৰৰ বাকৰি

ব’হাগৰ বা নাগি নাচি উঠিছে ৰজাহাউলী ৰংঘৰৰ বাকৰি (Rangali Bihu celebrates in Jorhat) ৷ ৬ আৰু ৭ মে’ত দুদিনীয়াকৈ যোৰহাটৰ ৰজাহাউলী ৰংঘৰৰ বাকৰিত আয়োজন কৰা হৈছে ব’হাগী উৎসৱ ৷ য’ত গাঁৱৰ প্ৰতিজন লোকে অংশ লোৱা দেখিবলৈ পোৱা গৈছে ৷

Rangali Bihu 2023
ব’হাগৰ বা নাগি নাচি উঠিছে ৰজাহাউলী ৰংঘৰৰ বাকৰি

By

Published : May 8, 2023, 10:05 AM IST

ব’হাগৰ বা নাগি নাচি উঠিছে ৰজাহাউলী ৰংঘৰৰ বাকৰি

যোৰহাট, ৮ মে’ : ৰঙালীৰ ৰঙত ৰাঙলী এতিয়া ৰাজ্য (Rangali Bihu 2023) ৷ ব’হাগৰ বাত আজিও মতলীয়া হৈ আছে ৰাজ্যবাসী ৷ বাদ পৰি ৰোৱা নাই যোৰহাট দৰঙী ৰজাৰ ৰজাহাউলীওবাসীও ৷ সেয়ে ৬ আৰু ৭ মে’ত দুদিনীয়াকৈ ৰজাহাউলী ৰংঘৰৰ বাকৰিত আয়োজন কৰা হৈছে ব’হাগী উৎসৱ (Rangali Bihu celebrates in Jorhat)৷ য’ত গাঁওখনৰ জ্যেষ্ঠজনৰ পৰা আদি কৰি কনিষ্ঠজনলৈকে সকলোৱে অংশ লোৱা দেখিবলৈ পোৱা গৈছে ৷

আনকি গাঁওখনৰ এই বিশেষ বিহুখনিৰ আৱেগত বিদেশৰ পৰা স্বদেশলৈ ঢপলিয়াই আহিল গাঁৱৰ যুৱকো । জীয়ৰী-বোৱাৰীৰ পৰা গাঁৱৰ জ্যেষ্ঠ আইতাগৰাকীলৈকে সকলোৱে একেলগে বিহু মাৰি কৰিলে ৰং-ৰহইছ ৷ লগতে এগৰাকী আইতাই অতীতৰ সেই বিহুৰ কথা সুঁৱৰি আবেগিক হৈ পৰাও দেখা গ’ল ৷

অন্যহাতে দি, অতীতৰ পৰা বৰ্তমান পৰ্যন্ত হিন্দু ইছলামৰ সু-সমন্বয়ত এক ভ্ৰাতৃত্ববোধেৰে প্ৰতি বছৰে আয়োজন কৰা হয় এই ব’হাগী উৎসৱটি ৷ যিয়ে আজিও গাঁওবাসীক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে ৷ সাতামপুৰুষীয়া পৰম্পৰাক ধৰি কৃষ্টিৰ সেউজীয়া পথাৰত ৰজাহাউলীয়ে আঁকি দিয়ে অতীত আৰু বৰ্তমানৰ এখন ধুনীয়া প্ৰতিচ্ছবি ।

যোৱা ৬ আৰু ৭ মে’ত আয়োজিত বিহুখনিত ভেকছন প্ৰতিযোগিতা, বিহুনাচ, বিহুনাম, সাজপাৰ প্ৰতিযোগিতা আদিৰো আয়োজন হয় । লগতে এই বিহুৰ দ্বিতীয় তথা অন্তিম দিনা বৃহত্তৰ অসমৰ বৰ্ণিল সংস্কৃতিক দেখুৱাই বাহিৰ কৰা হয় এক শোভাযাত্ৰাৰ ৷ যাৰ জৰিয়তে জনগোষ্ঠীয় প্ৰতিচ্ছবিখন সৰুকৈ দাঙি ধৰাৰ প্ৰয়াস কৰিছে গাঁওবাসীয়ে ।

এই ব’হাগী উৎসৱ শেষৰ দিনা বিয়লি ভাগলৈ চ’চিয়েল মিডিয়াৰ চেনচেচন জুমন বৰাৰ সংগীতানুষ্ঠানৰ লগতে ব’হাগী বিহু দল, স্থানীয় মহিলাৰ জেং বিহুদল, জনগোষ্ঠীয় বিহুকে আদি কৰি বহুকেইটা বাচকবনীয়া অনুষ্ঠানেৰে ৰাইজক আমোদ দিবলৈ আপ্ৰাণ চেষ্টা কৰা হয় । শৃংখলাবদ্ধভাৱে আয়োজন কৰা এই ব’হাগী উৎসৱটিয়ে অনাগত সময়ত অসমীয়া সংস্কৃতিক শুদ্ধভাৱে জীয়াই ৰাখিবলৈ সদায় দায়বদ্ধ হৈ থাকিব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে আয়োজকসকলে ।

লগতে পঢ়ক :Rangali Bihu 2023: চাচনীৰ মথাৱনী গাঁৱত ঘৰে ঘৰে হাইদাং হুঁচৰি

ABOUT THE AUTHOR

...view details