যোৰহাট, 24 ছেপ্টেম্বৰ :বিজেপি চৰকাৰখন বৰ্তমান বহিৰাগত চৰকাৰ হিচাপে পৰিগণিত হৈছে । আনকি বিজেপি চৰকাৰখনে স্মাৰ্ট চিটি গঢ়ি তোলাৰ বিপৰীতে স্মাৰ্ট মিটাৰ লগাই গ্ৰাহক মূৰত ৰামটাঙোন সোধাইছে ৷ কাৰণ স্মাট মিটাৰ জৰিয়তে অত্যাধিক হাৰত বিলৰ পৰিমাণ বঢ়াই দিয়া হৈছে ৷ শনিবাৰে যোৰহাটত এক সংবাদ মেল আয়োজন কৰি এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (Rana Goswami in Jorhat) ৷
লগতে তেওঁ কয়, ‘‘অসমত বৰ্তমান 62 লাখ স্মাৰ্ট মিটাৰ আছে ৷ এই স্মাৰ্ট মিটাৰ ক্ৰয়ৰ নামত বহিৰাগত কোম্পানীক ৰঙা দলিচা পাৰি দিছে বিজেপি নেতৃত্বাধীন চৰকাৰে । অত্যাধিক হাৰত জনসাধৰণে চৰকাৰক বিল প্ৰদান কৰাৰ ফলত ৰাজ্যৰ সৰ্বসাধাৰণ দ্ৰৰিদ্ৰ ৰাইজ একেবাৰে কোঙা হৈ পৰিছে’’ (Rana Goswami criticized BJP govt in Jorhat) ।
লগতে পঢ়ক :কৰ্কট ৰোগ বৃদ্ধিৰ কাৰণ সন্দৰ্ভত অসম ভিত্তিত গৱেষণাৰ প্ৰয়োজন আছে : মুখ্যমন্ত্ৰী