যোৰহাট, 10 এপ্ৰিল :''বজাৰত লাগিছে জুই, চৰকাৰ আছে শুই '' এই শ্ল’গানেৰে জাতীয় দল-সংগঠনে সাব্যস্ত কৰিছে ইটোৰ পিছত সিটো প্ৰতিবাদী কাৰ্যসূচী (Protest against price hike) ৷ কেৱল দল-সংগঠনে নহয় সৰ্বসাধাৰণ ৰাইজেও মূল্যবৃদ্ধিৰ প্ৰকোপত এতিয়া ত্রাহি মধুসূদন দেখি সৰৱ হৈছে দিল্লী-দিছপুৰৰ শাসনত অধিষ্ঠিত সকলৰ বিৰুদ্ধে ৷
বিশেষকৈ ৰঙালী বিহুৰ সময়ত এতিয়া সৰ্ব-সাধাৰণ ৰাইজে বজাৰৰ পৰা বয়-বস্তু ক্ৰয় কৰিবলৈ গৈ চৰা দাম দেখি হাতত খালী মোনা লৈ ওভটি আহিব লগীয়া অৱস্থা হৈছে (Price hike before Rongali bihu) ৷ কিন্তু কুম্ভকৰ্ণ নিন্দাত এতিয়া মগ্ন হৈ আছে জনতাৰ আশা-ভৰষাৰ থল একাংশ জন প্ৰতিনিধি । মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাটো দূৰৰে কথা এক কথাত তেওঁলোকৰ চকুতেই পৰা নাই বজাৰত চলি থকা মূল্যবৃদ্ধি ৷
যদিহে, কেতিয়াবা চৰাদামৰ কথাৰে সাংবাদিকৰ প্ৰশ্নৰ সমুখীন হৈছে জন প্ৰতিনিধিয়ে আগবঢ়াইছে মূল্যবৃদ্ধি সম্পৰ্কত নিজৰ নিজৰ সূত্ৰ ৷ কোনোৱে যদি কৈছে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ বাবে মূল্যবৃদ্ধি হোৱাৰ কথা কোনোৱে আকৌ মূল্যবৃদ্ধিৰ সময়তে জনতাক মিঠাতেল কমকৈ খোৱাৰ পৰামৰ্শ আগবঢ়াইছে স্বাস্থ্য সচেতন নেতাই ৷