অসম

assam

ETV Bharat / state

অসম কৃষি বিশ্ববিদ্যালয়ত RAIME, THE STRONGEST VEGETABLE FIBRE শীৰ্ষক গ্ৰন্থ উন্মোচন

সোমবাৰে অসম কৃষি বিশ্ববিদ্যালয়ত উন্মোচন কৰা হ'ল ৰিহা গছ বিষয়ক এখন গ্ৰন্থ । 'RAIME, THE STRONGEST VEGETABLE FIBRE' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই(Dr. Bidyut Chandan Deka) । বিশ্ববিদ্যালয়খনৰ প্লেন্ট ব্ৰিদিঙ এণ্ড জেনেটিক্স বিভাগৰ ভূতপূৰ্ব মুৰব্বী প্ৰণৱ তালুকদাৰ(Pranab Talukdar) আৰু আশুতোষ ৰয়ে(Ashutosh Roy) লিখিছে গ্ৰন্থখন ।

RAIME, THE STRONGEST VEGETABLE  FIBRE released
অসম কৃষি বিশ্ববিদ্যালয়ত RAIME, THE STRONGEST VEGETABLE FIBRE শীৰ্ষক গ্ৰন্থ উন্মোচন

By

Published : Nov 16, 2021, 3:16 PM IST

যোৰহাট, ১৫ নৱেম্বৰ: অসম কৃষি বিশ্ববিদ্যালয়ত সোমবাৰে ৰিহা গছ সম্পৰ্কীয় প্ৰণালীবদ্ধ গৱেষণামূলক গ্ৰন্থ 'RAIME, THE STRONGEST VEGETABLE FIBRE' উন্মোচন কৰা হয় । বিশ্ববিদ্যালয়খনৰ প্লেন্ট ব্ৰিদিঙ এণ্ড জেনেটিক্স বিভাগৰ ভূতপূৰ্ব মুৰব্বী প্ৰণৱ তালুকদাৰ আৰু আশুতোষ ৰয়ে লিখি উলিয়াইছে গ্ৰন্থখন । এই গৱেষণামূলক গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই । গ্ৰন্থখন উন্মোচন কৰি উপাচাৰ্যগৰাকীয়ে কয় যে, ৰিহাৰ লগতে এই সম্পৰ্কীয় বহু উদ্ভিদৰ সম্পূৰ্ণ গুণাগুণ আৰু সম্ভাৱনীয়তা বৰ্তমানলৈকে বহুলভাৱে প্ৰচলন হোৱা নাই ।

ৰাজ্যৰ অৰ্থনীতি সলনি কৰি দিব পৰা বহু সম্ভাৱনা এই উদ্ভিদবোৰৰ মাজত আছে । এই ক্ষেত্ৰত যথোচিত পদক্ষেপ গ্ৰহণ কৰিলে আৰু গৱেষণা কৰিলে বহুতো দিশ মুকলি হ'ব । প্লেন্ট ব্ৰিদিঙ এণ্ড জেনেটিক্স বিভাগৰ মুৰব্বী ড° কিশোৰ শৰ্মাই উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটোত আদৰণি ভাষণ আগবঢ়ায় লেখক প্ৰণৱ তালুকদাৰে । গাৰ্গী শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ কৃষি বিজ্ঞান গুৰু ড° জয়ন্ত ডেকা, মুখ্য গ্ৰন্থাগাৰিক ড° চন্দন হাজৰিকা আৰু লেখক আশুতোষ ৰয়ো উপস্থিত থাকে ।

এই গ্ৰন্থখনে ৰিহা গছ সম্পৰ্কীয় যিকোনো অধ্যয়নত সহায় কৰিব বুলি লেখকদ্বয়ে আশা প্ৰকাশ কৰিছে । লগতে ৰিহা গছৰ খেতি সম্পৰ্কীয় বহু তথ্যও এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে ।

লগতে পঢ়ক:HSLC Exam : ২৫ নৱেম্বৰৰ পৰা অনলাইন প্ৰ-পত্ৰ পূৰণ

ABOUT THE AUTHOR

...view details