অসম

assam

ETV Bharat / state

ৰাজ্য চৰকাৰৰ টোঘলকী সিদ্ধান্তৰ বিৰোধিতা ৰাইজৰ দলৰ - কৰ সংগ্ৰহক লৈ ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া

গাঁৱত ঘৰ সাজিলে কৰ লোৱা সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী ৰাইজৰ দলৰ ৷ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এই টোঘলকী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা ৰাইজৰ দল(Raijor Dal)ৰ যোৰহাট জিলা সমিতিৰ ৷

raijor dal reaction
ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া

By

Published : Aug 4, 2021, 2:31 PM IST

যোৰহাট, 4 আগষ্ট : শেহতীয়াকৈ ৰাজ্য চৰকাৰে কৰৰ ক্ষেত্ৰত গ্ৰহণ কৰা নতুন সিদ্ধান্তক লৈ তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্য ৷ চৰকাৰৰ নতুন সিদ্ধান্ত মৰ্মে এতিয়াৰে পৰা গাঁৱত ঘৰ সাজিলেও কৰ দিব লাগিব চৰকাৰক ৷ চৰকাৰৰ এই টোঘলকী সিদ্ধান্তৰ বিৰোধিতা কৰিছে ৰাইজৰ দলে (Raijor Dal) ৷

ৰাইজৰ দলৰ প্ৰতিক্ৰিয়া

ৰাজ্য চৰকাৰৰ গৃহ নীতিৰ তীব্ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলৰ যোৰহাট জিলা সভাপতি দিব্যজ্যোতি শৰ্মাই । পঞ্চায়তক কৰ (Tax) সংগ্ৰহৰ কামৰ বিপৰীতে উৎপাদনক্ষম কামত নিয়োগ কৰক বুলি তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক :উদ্বেগজনক খবৰ: মুকালমুৱাত বৃদ্ধি HIV ৰোগীৰ সংখ্যা

পঞ্চায়তক কৰ সংগ্ৰহৰ প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্তক গৰিহণা দিছে সভাপতি দিব্যজ্যোতি শৰ্মাই । তেওঁ কয় যে, চৰকাৰৰ এই সিদ্ধান্তই গাঁৱৰ ৰাইজক এক বিপদৰ মাজলৈ ঠেলি নিব, যি বিপদৰ ফলস্বৰূপে গাঁৱৰ লোকসকলে কৰৰ বোজাৰ পৰা মুক্ত হ’ব নোৱাৰিব ৷ সেয়েহে এই নীতি প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে ৰাইজৰ দলে ৷

লগতে পঢ়ক :মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক বহু ৰৌ-বৰালি জালত পৰিব : ৰেজাউল কৰিম সৰকাৰ

চৰকাৰৰ অনুমতি অবিহনে এতিয়াৰে পৰা গ্ৰামাঞ্চলৰ লোকেও গৃহ নিৰ্মাণ কৰিব নোৱাৰিব । নগৰ বা চহৰ অঞ্চলৰ দৰে গ্ৰামাঞ্চলৰ লোকে গৃহ নিৰ্মাণ কৰিব বিচাৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অনুমতি ল’ব লাগিব । মাচুল পৰিশোধ কৰিহে নিৰ্মাণ কৰিব পাৰিব গৃহ । চৰকাৰে প্ৰযোজ্য কৰিব বিচৰা এই নীতিৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ উঠিছে ৰাজ্যৰ দল-সংগঠনৰ লগতে গ্ৰামাঞ্চলৰ লোকসকল ৷

লগতে পঢ়ক :বিজয়নগৰত আটক বগা আৰু টেকেলি

ABOUT THE AUTHOR

...view details