যোৰহাট, 17 জানুৱাৰী : যোৰহাট পৌৰসভাৰ বিৰুদ্ধে গোচৰ তৰিলে ৰাইজে দলে (FIR against Jorhat municipal board) ৷ ৰাইজৰ কৰ-কাটলৰে ভোজ-ভাত খাই মনোৰঞ্জনমূলক ভ্ৰমণ কৰে বুলি অভিযোগ তুলিলে দলটোৱে (Allegation against Jorhat Municipal Board) ।
কংগ্ৰেছৰ অপশাসনৰ পৰা যোৰহাট পৌৰসভাক সাধাৰণ ভোটাৰ ৰাইজে মুক্ত কৰি তুলি দিছিল পৰিৱৰ্তন আৰু উন্নয়নৰ শ্ল’গান দিয়া বিজেপিৰ হাতত । কিন্তু সেই পৰিৱৰ্তনকামী বিজেপি দলৰ দ্বাৰা গঠিত পৌৰসভাখনত সংঘটিত হয় পাহাৰ সদৃশ দুৰ্নীতি । যোৰহাট পৌৰসভাৰ ব্যাপক দুৰ্নীতিৰ কথা ৰাইজৰ দলে ইতিমধ্যে সংবাদমেলৰ যোগেদি অৱগত কৰে (Corruption in Jorhat Municipal Board) ।