যোৰহাট,20 মাৰ্চ:মৰিয়নীৰ ৰাইজক পাঁচটা বিশেষ প্ৰতিশ্ৰুতি পালনৰ আশ্বাস দি শনিবাৰে ৰূপজ্যোতি কুৰ্মীৰ হৈ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ অসম বিধানসভা নিৰ্বাচনৰ বাবে মৰিয়নী সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলাই গান্ধীয়ে কয় যে, কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে 'কা' (নাগৰিকত্ব সংশোধনী আইন) বাতিল কৰাৰ লগতে চাহ শ্ৰমিকৰ বাবে দৈনিক পাৰিশ্ৰমিক 365 টকা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷
প্ৰায় দহ সহস্ৰাধিক জনতাৰ উপস্থিতিত গান্ধীয়ে ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰ চলাই গান্ধীয়ে বিজেপিয়ে এটা এটাকৈ ৰাজহুৱা সম্পত্তি পুঁজিপতিৰ হাতত গতাই দিছে বুলি অভিযোগ কৰে ৷ বিজেপি আৰু আৰএছএছ-এ অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰত আক্ৰমণ কৰা বুলি অভিযোগ কৰি গান্ধীয়ে কংগ্ৰেছৰ ফালৰ পৰা ভাষা -সংস্কৃতি ৰক্ষা কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷