যোৰহাট,5 এপ্ৰিল: অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা, বিশিষ্ট সাহিত্যিক, অধ্যাপক ড0 কুতুবুদ্দিন আহমেদৰ পৰলোকপ্ৰাপ্তি ৷ সাহিত্যিক গৰাকীৰ মৃত্যুত শোকস্তব্ধ এতিয়া যোৰহাটৰ বৌদ্ধিক সমাজ ৷ সাহিত্যিক গৰাকীক যোৰহাটস্থিত সাহিত্য সভাৰ মুখ্য কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত শেষ শ্ৰদ্ধাঞ্জলি দিয়া হয় ৷ সাহিত্যিক গৰাকী দীৰ্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল ৷ আজি পুৱা প্ৰায় ৪ বজাত গুৱাহাটীৰ এপল' হস্পিতালত চিকিৎসাধীন অৱস্থাতে পৰলোকপ্ৰাপ্তি হয় আহমেদৰ । হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা ৯ মাৰ্চত তেওঁক গুৱাহাটীৰ এপল' হস্পিতালত ভৰ্তি কৰা হৈছিল আৰু যোৱা পাঁচ দিন ধৰি তেখেতক আইচিইউত ৰখা হয় । মৃত্যুৰ সময়ত ড0 আহমেদৰ বয়স আছিল ৭৩ বছৰ ।
প্ৰয়াত ড0 আহমেদৰ জন্ম হৈছিল ১৯৪৮ চনৰ ৩ জানুৱাৰীত ৷ পশ্চিম যোৰহাটৰ পুলিবৰত প্ৰয়াত হাছান আলি আৰু প্ৰয়াত মেহেৰুণ নিছা আলিৰ পুত্ৰ হৈছে প্ৰয়াত ড0 আহমেদ । যোৰহাটতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি তেখেতে ১৯৬৯-৭০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত আৰু ১৯৭৭-৭৮ বর্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে । প্ৰয়াত ড0 আহমেদে ১৯৮৯ চনত অধ্যাপক ড0 মহেন্দ্ৰ বৰাৰ তত্বাৱধানত "জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যশিল্প" বিষয়ত অধ্যয়ন কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে । প্ৰয়াত ড0 আহমেদে দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে আৰু তাৰ পৰাই ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে ।