টীয়ক, 8 ছেপ্তেম্বৰ : বিজেপি চৰকাৰে অসমৰ সত্ৰ সমূহক বেদখল মুক্ত কৰাৰ লগতে সত্ৰানুষ্ঠান সমূহৰ উন্নয়নৰ আৰু সংৰক্ষণৰ যি প্ৰতিশ্ৰুতি দিছিল, আজিৰ তাৰিখত সেয়া যেন এক প্ৰহসন পৰিণত হৈছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰিনাতি সাৰংগপাণি দেৱে 1585 শকত মাজুলী জিলাৰ বনগাঁৱৰ সমীপৰ দিঘলী নৈৰ পাৰত ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী দিঘলী সত্ৰ প্ৰতিষ্ঠা কৰিছিল ।
উল্লেখযোগ্য যে, অসমৰ মহাপুৰুষীয়া চাৰি সত্ৰ কৰোৱা, কোৱামৰা, দিঘলী আৰু চামগুৰি সত্ৰৰ যশ-খ্যাতি এসময়ত যথেষ্ট আছিল ৷ কিন্তু আৰ্থিক অৱস্থা ভাল নোহোৱাৰ বাবে সত্ৰৰ পূৰ্বৰ যশ ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম হৈছে ।
মাজুলীত প্ৰতিষ্ঠা লাভ কৰা এই দিঘলী সত্ৰভাগ ব্ৰহ্মপুত্ৰ নদীৰ বান আৰু খহনীয়াত তিষ্ঠিব নোৱাৰি যোৰহাট জিলাৰ বালিচাপৰি অঞ্চললৈ 1855 চনত উঠি আহে । বালিচাপৰি অঞ্চলৰ ৰাইজৰ আপদালত আজি বহু বছৰ অতিক্ৰম কৰা সত্ৰখনৰ অৱস্থা বৰ্তমান দুখ লগা ।