অসম

assam

ETV Bharat / state

Dilapidated road in Assam:১২ বছৰে সম্পূৰ্ণ নহ'ল টীয়কৰ ঘাইপথ - Poor road communication in Jorhat

২০১৪ চনতে আৰম্ভ কৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণ আজিও হোৱা নাই সম্পূৰ্ণ । NHIDCL ত্ৰুটিপূৰ্ণ পৰিকল্পনাৰ বাবে ৰাইজে ভুগিছে জীয়াতু ।

Poor road communication in Jorhat
টীয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

By

Published : Aug 18, 2023, 3:34 PM IST

টীয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

টীয়ক, ১৮ আগষ্ট: উজনি অসমৰ যাতায়াতৰ আয়ুস ৰেখা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো ২০১৪ চনতে আৰম্ভ কৰি আজি পৰ্যন্ত সম্পূৰ্ণ নকৰাত ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে । বাৰিষাই হওক বা খৰালিয়েই হওক উক্ত পথেৰে যাতায়ত কৰা ৰাইজে দুৰ্ভোগ ভুগি আহিছে । নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত NHIDCL ত্ৰুটিপূৰ্ণ পৰিকল্পনা তথা উক্ত পথ নিৰ্মাণত নিয়োজিত নিৰ্মাতা সন্থাৰ দ্বায়িত্বহীনতাৰ বাবে এইদৰে বছৰৰ পাছত বছৰ পথছোৱা পৰি আছে ।

নিৰ্মাণ কোম্পানী আহে আৰু দুদিন কাম কৰি আকৌ গুচি যায় । ফলত বহুতে ইতিমধ্য প্ৰাণ হেৰুৱাইছে আৰু চিৰ দিনৰ বাবে ঘূণীয়া হৈছে । টীয়কৰ ফুড ভিল্লাৰ সমীপত প্ৰতিদিনে গাড়ী পথৰ ওপৰত থকা গাঁতত পৰি দূৰ্ঘটনাগ্ৰস্ত হৈছে । আনকি পথ বন্ধ হৈছে । বহুতে নিজৰ খৰচত এক্সাভেটৰৰে নিজৰ গাড়ীখন টানি গাঁতৰ পৰা উলিয়াই পুনৰ গন্তব্য স্থানলৈ গতি কৰিছে । লগতে বাছৰ যাত্ৰীয়ে নিজে বাছ ঠেলি পথ পাৰ হ'বলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে ।

এজাক বৰষুণ আহিলেই উক্ত স্থানত উজনি নামনিৰ সংযোগ বিছিন্ন হোৱাতো খাটাং হৈ পৰিছে । উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকে প্ৰমুখ্য কৰি বিভাগীয় মন্ত্ৰী আমোলাক টীয়কৰ বিভিন্ন দল সংগঠন,ব্যক্তি বিশেষে উক্ত পথ শীঘ্ৰেই মেৰামতিৰ দাবী জনাই আহিছে যদিও কোনো কানসাৰ নাই উৰ্ধতম কৰ্তৃপক্ষৰ । ইপিনে,মুখ্যমন্ত্ৰীয়ে উক্ত পথছোৱা এবছৰত সম্পূৰ্ণ কৰিব বুলি আশ্বাস প্ৰদান কৰিছে যদিও এই এবছৰে ৰাইজে কিদৰে যাতায়ত কৰিব তাক লৈ এতিয়া সৰ্বসাধাৰণ জনতাই প্ৰশ্ন উত্থাপন কৰিছে ।

ইপিনে,স্থানীয় ৰাইজে চৰকাৰে বৃহৎ বৃহৎ সভা পাতি, বিহুক বিশ্বমুখী কৰাৰ নামত অসমীয়াৰ আবেগৰ সৈতে খেলি কোটি কোটি টকা অপচয় কৰাতকৈ পথটোকে মেৰামতি কৰি ৰাইজৰ জনজীৱনৰ প্ৰতি অহা ভাবুকি প্ৰতিহত কৰিবলৈ আহ্বান জনাইছে । ক্ষুব্ধ ৰাইজে কয় যে পঞ্চ পাণ্ডৱে বন বাস খোৱাৰ দৰে এতিয়া আমিও খাইছো । চন্দ্ৰযান গৈ কক্ষ পথ পালে কিন্তু আমাৰ যোৰহাটৰ পৰা জাঁজী পৰ্যন্ত পথছোৱা সম্পূৰ্ণ নহ'ল । মোমাই কটা গড় একে ৰাতিতে নিৰ্মাণ কৰিব পাৰে যদিও উক্ত পথছোৱা ১২ বছৰে সম্পূৰ্ণ কৰিব নোৱাৰাটো চৰকাৰৰ ব্যৰ্থতা ।

লগতে পঢ়ক:Internal conflict of Assam BJP: সাধাৰণ কৰ্মী হিচাপে দলত থাকিব জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইয়ে

ABOUT THE AUTHOR

...view details