যোৰহাট, 2 ফেব্ৰুৱাৰী: যোৰহাটত গৃহ নিৰ্মাণ কৰিলে বৰষুণৰ পানী সংৰক্ষণ কৰিবই লাগিব (Provision of rain water harvesting in building construction) । ঘৰৰ নক্সা প্ৰস্তুত কৰোতেই গুৰুত্ব দিব লাগিব এই বিষয়ত ৷
যোৰহাটত এতিয়াৰ পৰা গৃহ নিৰ্মাণ কৰিলে বৰষুণৰ পানী সংৰক্ষণ ব্যৱস্থা বাধ্যতামূলক হ’ব । ব্যক্তিগত বাসগৃহ বা ফ্লেট যিয়েই নহওঁক, ঘৰৰ নক্সা প্ৰস্তুত কৰোঁতেই এই ব্যৱস্থা কৰিব লাগিব ৷ বিশ্ব আৰ্দ্ৰভূমি দিৱস উপলক্ষে বুধবাৰে যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট উন্নয়ন প্ৰাধিকৰণ(Jorhat development authority)ৰ উদ্যোগত বৰষুণৰ পানী সংৰক্ষণ সম্পৰ্কীয় এক আলোচনাচক্ৰ অনুষ্ঠিত হয় । সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় (Jorhat Engineering College)ৰ চিভিল বিভাগৰ মুৰব্বী প্ৰসন্ন খাউণ্ডে এই বিষয়ে বিশ্লেষণ আগবঢ়ায় ।