অসম

assam

ETV Bharat / state

Man Elephant Conflict: বন্যহস্তীৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰতিবাদ - Protests to get rid of wild elephant attacks

বন্যহস্তীৰ আক্ৰমণৰ পৰা ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা দিয়াত চুড়ান্ত ব্যৰ্থতা প্ৰদৰ্শন মৰিয়নি বনবিভাগৰ ৷ দুটাকৈ সংগঠনে বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে(Protests to get rid of wild elephant attacks in Mariani) ৷

Protests to get rid of wild elephant attacks in Mariani
Man Elephant Conflict: বন্যহস্তীৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰতিবাদ

By

Published : Nov 20, 2022, 10:50 PM IST

যোৰহাট ,২০ নৱেম্বৰ: ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant Conflict in Assam) ৷ বন্যহস্তীৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি শনিবাৰে যোৰহাটৰ মৰিয়নিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে দুটাকৈ সংগঠনে ৷ ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তা প্ৰদান আৰু বন্যপ্ৰাণীক সুৰক্ষা দিয়াত চুড়ান্ত ব্যৰ্থতা প্ৰদৰ্শনৰ অভিযোগ তোলে মৰিয়নি বন বিভাগৰ বিৰুদ্ধে ৷

Man Elephant Conflict: বন্যহস্তীৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ বিচাৰি প্ৰতিবাদ

বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ সন্মুখত শনিবাৰে হাতী-মানুহৰ সংঘাত ৰোধৰ দাবী জনায় অসমীয়া যুৱ মঞ্চ আৰু আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে(Protest for end to elephant human conflict) ৷ মৰিয়নিৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই । হাতী-মানুহৰ সংঘাত ৰোধ ,বন্যহস্তীয়ে ক্ষতি সাধন কৰা সা-সম্পত্তিৰ ক্ষতিপূৰণ প্ৰদান ,স্থানীয় যুৱকক হাতীৰ পহৰাদাৰী নিয়োগ কৰা আদি কেইবাটাও দাবী লৈ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ৷

বনমন্ত্ৰীলৈ মৰিয়নি ৰাজহ চক্ৰ বিষয়াৰ যোগেদি এক স্মাৰকপত্ৰ প্ৰদান কৰি সমস্যা সমূহ শীঘ্ৰে সমাধানৰ দাবী জনায় সংগঠন দুটাই ৷ উল্লেখযোগ্য যে মৰিয়নি সমষ্টিত বৰ্তমান বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে উজাগৰি নিশা পাৰ কৰিব লগীয়া হৈছে স্থানীয় ৰাইজে ৷ তাৰ পিছতো নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি আহিছে মৰিয়নি বনবিভাগে ৷ বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা ৰাইজৰ জীৱন ,সম্পত্তি নিৰাপত্তা দিয়াত চূড়ান্তভাৱে ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ।

আনহাতে, ৰেলৰ খুন্দাত বিগত সময়চোৱাত বহু কেইটা বন্যহস্তীয়ে প্ৰাণ বিৰ্সজন দিবলগীয়া হৈছে ,যদিও বনবিভাগৰ দলে বন্যহস্তী সুৰক্ষা বাৰাম্বাৰ ব্যৰ্থতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ,তাৰ উত্তৰ বিচাৰিছে প্ৰকৃতিপ্ৰেমী লোকৰ লগতে বিভিন্ন দল সংগঠনে । মৰিয়নি বনবিভাগত মাত্ৰ কেইজনমান বন কৰ্মীহে আছে আৰু যি কেইজন বনবিভাগৰ সুৰক্ষা কৰ্মী আছে সেইসকল বনকৰ্মী প্ৰাপ্তবয়স্ক বুলি অভিযোগ উত্থাপন কৰে অসমীয়া যুৱ মঞ্চ আৰু আদিবাসী ছাত্ৰ সন্থাই(Protests to get rid of wild elephant attacks in Mariani)।

বন বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাৰ বাবে বন্যহস্তীয়ে মৃত্যুক আকোৱালি ল'ব লগা হোৱাৰ লগতে মৰিয়নিৰ ভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ পৰিগ্ৰহ কৰিছে বুলি গুৰুতৰ অভিযোগ তুলিছে সংগঠন দুটাই । মৰিয়নি ভিন্ন প্ৰান্তত বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে ৰাইজে ঊজাগৰি নিশা পাৰ কৰিবলগীয়া হৈছে ৷ তাৰ পিছতো নীৰৱ,নিৰ্বিকাৰ ভূমিকা বনবিভাগ আৰু জিলা প্ৰশাসনে গ্ৰহণ কৰি আহিছে বুলি জানিবলৈ দিয়ে অসমীয়া যুৱ মঞ্চ আৰু আদিবাসী ছাত্ৰ সন্থাই ।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বনবিভাগ আৰু জিলা প্ৰশাসনলৈ জনোৱা দাবীসমূহ শীঘ্ৰে কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ পথ লোৱাৰ হুংকাৰ জনায় প্ৰতিবাদকাৰীৰ।

লগতে পঢ়ক:Assam MLA team at Bangladesh: 32 জনীয়া অসম বিধানসভাৰ প্ৰতিনিধিৰ দল বাংলাদেশত

For All Latest Updates

ABOUT THE AUTHOR

...view details