অসম

assam

ETV Bharat / state

বিজেপিৰ দিনত পেট্ৰ’লে পালে ষ্টাৰ মাৰ্ক : যোৰহাট মণ্ডল কংগ্ৰেছ - Protest

বিজেপিৰ দিনত পেট্ৰ’লে পালে ষ্টাৰ মাৰ্ক ! আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম কমাৰ বিপৰীতে দেশত এতিয়া হোৰাহোৰে বাঢ়িছে পেট্ৰ’লৰ মূল্য ৷ এই অভিযোগ উত্থাপন কৰিছে যোৰহাট মণ্ডল কংগ্ৰেছে ৷

Protest of Congress due to price hike jorhat assam etv bharat news
মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাট মণ্ডল কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Jul 1, 2020, 5:35 PM IST

যোৰহাট,1 জুলাই:সাম্প্ৰতিক সময়তৰাজ্যজুৰি দেখা গৈছে চৰকাৰ বিৰোধী প্ৰতিবাদৰ ভিন্ন পন্থা ৷ বিগত কিছুদিনৰ ভিতৰত পেট্ৰ’লজাতীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ ফলত ৰাজ্যৰ সৰ্বত্ৰে এতিয়া প্ৰতিবাদৰ ঢৌ উঠা পৰিলক্ষিত হৈছে ৷ বুধবাৰে যোৰহাটত এই প্ৰতিবাদ সাব্যস্ত কৰে মণ্ডল কংগ্ৰেছৰ কৰ্মীসকলে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাট মণ্ডল কংগ্ৰেছৰ প্ৰতিবাদ

আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেলত তেলৰ মূল্য নিম্নগামী হৈ ৪০ ডলাৰ হোৱাৰ পিছতো দেশত দৈনিক বৃদ্ধি পাব ধৰিছে পেট্ৰ’লজাত সামগ্ৰীৰ মূল্য ৷ এই মূল্যবৃদ্ধিয়ে বৰ্তমান মাধমাৰ শোধাইছে সাধাৰণ জনতাক । চহৰখনৰ মণ্ডল কংগ্ৰেছৰ কৰ্মীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

লগতে চাওকঃপেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বাওঁপন্থী দলৰ

ABOUT THE AUTHOR

...view details