যোৰহাট, 15 মাৰ্চ:পৌৰ কৰ বৃদ্ধিক কেন্দ্ৰ কৰি ৰাজ্যত আৰম্ভ হৈছে প্ৰতিক্ৰিয়া ৷ পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত ৰাজপথলৈ ওলাই আহিল ৰাইজ ৷ উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ যোৰহাট নগৰবাসীৰ (Municipal tax hike) ৷
এফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম আৰু আনফালে পৌৰ কৰ বৃদ্ধিয়ে সৰ্বস্বান্ত কৰিছে সাধাৰণ ৰাইজক ৷ কলি যুগত ৰজায়ে প্ৰজাক জৰুলা কৰিব বুলি শাস্ত্ৰত যি কথা কোৱা হৈছে সেই কথাই যেন এতিয়া আখৰে আখৰে মিলি গৈছে ৷ পৌৰ কৰ বৃদ্ধিক লৈ যোৰহাট জিলাত বুধবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ (Municipal tax hike in Jorhat) ৷
উল্লেখ কৰা প্ৰয়োজন যে, কৰদাতা ৰাইজে জাবৰ সংগ্ৰহ আৰু পানী যোগানৰ বাবে পৌৰসভাক পৃথকে পৃথকে দিব লাগে ধন ৷ আনহাতে, যোৰহাট নগৰবাসীক যোৰহাট পৌৰসভাই যি কৰ নিৰ্ধাৰণ কৰি দিছে তাৰ বিপৰীতে এটা বিশেষ ৰাজনৈতিক দলৰ নেতাৰ পৌৰ কৰ পূৰ্বৰ দৰেই আছে ৷ ইয়াকে লৈ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷ যদিহে চৰকাৰে ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দি ধাৰ পৰিশোধ কৰিম বুলি ভাবিছে তেন্তে সেয়া কোনো কাৰণতে মানি লোৱা নহ’ব বুলি মত প্ৰকাশ কৰিছে ৰাইজে (Property tax hike) ৷