যোৰহাট, 26 ডিচেম্বৰঃবৃহস্পতিবাৰে যোৰহাটত অখিল গগৈ আন আন্দোলনকাৰী নেতা সকলৰ মুক্তিৰ দাবীত ৰাইজে গণ কাৰ্যসূচী ৰূপায়ন কৰে ৷ বিভিন্ন দল সংগঠনৰ লগতে সাধাৰণ ৰাইজে স্বতঃস্ফূৰ্ত ভাৱে এই আন্দোলনত অংশগ্ৰহণ কৰে ৷
যোৰহাটত সংগ্ৰামী নেতা সকলৰ মুক্তিৰ দাবীত গণ কাৰ্যসূচী - বিতু সোনোৱাল
বৃহস্পতিবাৰে যোৰহাটবাসীয়ে , আইনৰ বিৰুদ্ধে জাতিৰ হৈ সংগ্ৰাম কৰি অহা সংগ্ৰামী নেতা সকলৰ মুক্তিৰ দাবীত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
![যোৰহাটত সংগ্ৰামী নেতা সকলৰ মুক্তিৰ দাবীত গণ কাৰ্যসূচী jorhat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5499851-69-5499851-1577363418507.jpg)
প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ অখিল গগৈৰ লগতে সাম্প্ৰতিক সময়ক যি সকল লোকে সংশোধিত আইন খনৰ বিৰোধিতা কৰি আন্দোলনত নামি পৰিছিল তেওঁলোকৰ কণ্ঠ ৰোধ কৰিবৰ বাবে প্ৰশাসনে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ নীতি অৱলম্বন কৰিছিল ৷ উল্লখ্য যে আইনৰ বিৰুদ্ধে জাতিৰ হৈ সংগ্ৰাম কৰি অহা সংগ্ৰামী সত্বা কৃষক মুক্তি সংগ্ৰামৰ সমিতিৰ নেতা অখিল গগৈৰৰ লগতে গ্ৰেপ্তাৰ কৰা লোক সকলৰ ভিতৰত আলোচনাপন্থী আলফা নেতা জিতেন দত্ত, অমিতাভ শৰ্মা, শৃংখল চলিহা, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰ, আৰু লক্ষ্যজিৎ গগৈৰ নামো নিহিত হৈ আছে ৷ এই সকল কাৰাবন্দীলোকৰ মুক্তৰি দাবীত বৃহস্পতিবাৰে ৰাইজে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত গণ কাৰ্যসূচী ৰূপায়ন কৰে ৷
লগতে পঢ়ক - বকোত আৰক্ষীৰ জালত নাৰী ব্যৱসায়ী চক্ৰ