টীয়ক,২৩জুলাই: টীয়কৰ কাকজান আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কাকজান আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অখিল গগৈৰ মুক্তিৰ দাবীত বৃহস্পতিবাৰে এক মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰা হয় ।
অখিল গগৈৰ মুক্তিৰ দাবীৰে টীয়কত ছাত্ৰ মুক্তিকে ধৰি দুটাকৈ সংগঠনৰ প্ৰতিবাদ - বিজেপি
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰে বৃহস্পতিবাৰে টীয়কত এক মানৱ শৃঙ্খল তৈয়াৰ কৰি ছাত্ৰ মুক্তি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৰিলে প্ৰতিবাদ ।
অখিল গগৈৰ মুক্তিৰ দাবীৰে টীয়কত ছাত্ৰ মুক্তিকে ধৰি দুটাকৈ সংগঠনৰ প্ৰতিবাদ
লগতে বি জে পি নেতৃতাধীন চৰকাৰৰ দমন নীতিক চোকা ভাষাৰে সমালোচনা কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ ।
চৰকাৰখনৰ এই ফেচীবাদৰ প্ৰতিফল বিজেপি দলক অহা ২১ ৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজে দিব বুলি হুংকাৰ প্ৰদান কৰিলে প্ৰদিবাদী সকলে ।