টীয়ক, ২০জুন: চৰকাৰে যাতায়তৰ ক্ষেত্ৰত উন্নয়ণ হোৱা বুলি দাবী কৰিলেও টীয়ক সমষ্টিত বিধ্বস্ত বাট-পথে জীয়াতু ভোগাইছে ৰাইজক । এই সমষ্টিটোৰ কিছুমান ঠাইত পথ নে পথাৰ ধৰিবই নোৱাৰা হৈছে । চৰকাৰে পৰিৱৰ্তন হোৱা বুলি প্ৰচাৰ চলোৱাৰ সময়তে বোকা পানীৰে উপচি পৰিছে অঞ্চলটোৰ বাট-পথ । এনে অৱস্থাৰ পাছতো যেন গা লৰা নাই সমষ্টিটোৰ জন প্ৰতিনিধিৰ।
এতিয়া টীয়কৰ গ্ৰামাঞ্চলত বিধ্বস্ত বাট-পথৰ বাবে ৰাইজে প্ৰতিবাদ কৰিবলগীয়া হৈছে । দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত বিধ্বস্ত বামকুকুৰাচোৱা বৰা-বৰুৱা পথটোৰ বাবে অঞ্চলটোৰ ৰাইজে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈছে । বাৰম্বাৰ পথটো নিৰ্মাণৰ বাবে আবেদন নিবেদন কৰিও সুফল নোপোৱাত গাঁওখনৰ ৰাইজে পথলৈ ওলাই আহি বোকাময় পথতে প্ৰতিবাদ সাব্য়স্ত কৰে (Protest demanding road repairs)। ক্ষুব্ধ ৰাইজে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰি কয়,' আমাৰ পথটোৰে ৰাইজে অহা-যোৱা কৰিব পাৰিছিল । এতিয়া নোৱাৰা হ'ল । এয়াই চৰকাৰৰ পৰিবৰ্তন।'