অসম

assam

ETV Bharat / state

Transfer of Jorhat Village: যোৰহাটৰ গাঁও গোলাঘাটৰ সৈতে চামিলকৰণৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ

যোৰহাটাৰ গাঁও গোলাঘাটৰ সৈতে চামিল কৰাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া (Transfer of Jorhat Village) ৷ যোৰহাটৰ 38খন গাঁৱৰ ৰাইজে গ্ৰহণ কৰিছে গোলাঘাটৰ সৈতে চামিল নোহোৱাৰ সিদ্ধান্ত ৷ কেবিবেনটৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে পুনৰ অনুষ্ঠিত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় ৷

By

Published : Jan 9, 2023, 10:30 PM IST

Transfer of Jorhat Village
যোৰহাটৰ গাঁও গোলাঘাটৰ সৈতে চামিলকৰণৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ

যোৰহাটৰ গাঁও গোলাঘাটৰ সৈতে চামিলকৰণৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ

যোৰহাট, 9 জানুৱাৰী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে যোৰহাট জিলাৰ গাঁও কৰ্তন কৰি গোলাঘাট জিলাৰ সৈতে সংলগ্ন কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে যোৰহাটত অব্যাহত আছে প্ৰতিক্ৰিয়া (Amalgamation of Jorhat village with Golaghat) ৷ ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তক(Assam Cabinet decision) এক হঠকাৰী সিদ্ধান্ত আখ্যা গাঁৱকেইখনৰ ৰাইজে ৷ যাৰ বিৰোধিতাৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অনুষ্ঠিত কৰি আহিছে ৰাজহুৱা সভা ৷

কেবিনেটৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে পুনৰ চকলাটিং চাহ বাগিচাত অনুষ্ঠিত কৰা হয় এখন ৰাজহুৱা সভা (Public meeting against village Amalgamation) ৷ এই সভাত উপস্থিত থকা সকলো ৰাইজে কয় যে, ‘‘আমাক যোৰহটীয়া হিচাপে জীয়াই থাকিবলৈ দিয়ক ৷’’ লগতে সভাত চৰকাৰী সিদ্ধান্তৰ প্ৰতিবাদ জনাই উত্থাপন কৰা হয় কেইবাটাও প্ৰস্তাৱ ৷ সেই প্ৰস্তাৱ সমূহসন্নিবিষ্ট কৰি ৰাইজে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ ৷ কোনো কাৰণতেই গোলাঘাট জিলাৰ সৈতে সংলগ্ন নোহোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে সভাত উপস্থিত থকা ৰাইজে ৷

ইফালে স্থানীয় বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে ৰাইজৰ স্বাৰ্থত কাম কৰিব লাগে বুলিও মন্তব্য ৰাইজৰ ৷ উল্লেখ্য যে, 2022 চনৰ 31 ডিচেম্বৰৰ নিশা নতুন দিল্লীত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছিল এই সিদ্ধান্ত ৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতেই যোৰহাটৰ 38খন গাঁৱৰ ৰাইজক পূৰ্বে কোনো কথা অৱগত নকৰাকৈ অথবা কোনো মতামত গ্ৰহণ নকৰালৈ গোলাঘাট জিলাৰ সৈতে চামিল কৰা হ’ব বুলি জাননী প্ৰেৰণ কৰা হৈছিল ৷ এই জাননীৰ পিছৰে পৰা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে গাঁৱকেইখনৰ ৰাইজ (Jorhat village merged with Golaghat) ৷

ৰাজ্য চৰকাৰে প্ৰেৰণ কৰা জাননীত উল্লেখ কৰা হৈছিল যে, প্ৰশাসনিক কাম-কাজৰ সুবিধাৰ্থেহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ গাঁৱকেইখনৰ ৰাইজৰ সকলো প্ৰশাসনিক কাম-কাজ এতিয়াৰে পৰা গোলাঘাট জিলাত সম্পন্ন হ’ব বুলিও জাননীত উল্লেখ কৰা হৈছিল (Jorhat village transferred to Golaghat) ৷ কিন্তু গাঁৱকেইখনৰ ৰাইজে উল্লেখ কৰা অনুসৰি প্ৰশাসনিক কাম-কাজৰ বাবে গোলাঘাটলৈ যাব লগা হ’লে বহু দূৰত্ব অতিক্ৰম কৰিব লাগিব আৰু নথি-পত্ৰসমূহৰ ঠিকনা সাল-সলনি কৰাৰ ক্ষেত্ৰতো ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হ’ব ৷

চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত কেৱল ৰাজনৈতিক লাভালাভৰ বাবে গ্ৰহণ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ উল্লেখ্য যে, ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি যোৰহাটৰ উত্তৰ ঠেঙাল খঙিয়া গাঁও পঞ্চায়তৰ চকলাটিং গাঁও, চাংচোৱা, মধ্য ঠেঙাল, ১ নং মহবন্ধা, ২ নং মহবন্ধা , ১ নং ভালুকমৰা, ২ নং ভালুকমৰা, মধ্য পৰ্বতীয়া গাঁও পঞ্চায়তৰ ৰৌমাৰী খুটি, গুৱাল গাঁও, ৰঙাগড় চাপৰি, ওপৰৰ গৰুমৰা, গৰুমৰা কৈৱৰ্ত, গৰিয়া চাপৰি, নাম গৰুমৰা,মধ্য গৰুমৰা, দৰিকামাৰী গাঁও, গেন্ধেলী ,ভোজখাতী, ধেমাজি গাঁও, গুৱাল গাঁৱকে ধৰি তিতাবৰ বেকাজানৰ কেইবাখনো গাঁৱক গোলাঘাট জিলাত চামিল কৰা হৈছিল ।

লগতে পঢ়ক:Village Amalgamation: যোৰহাটৰ গাঁও গোলাঘাটৰ সৈতে চামিলকৰণৰ বিৰুদ্ধে প্ৰতিবাদী সভা

ABOUT THE AUTHOR

...view details