অসম

assam

By

Published : Mar 6, 2020, 1:36 PM IST

ETV Bharat / state

মালিক কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ মৰিয়নী সোণোৱাল চাহ বাগিছাত

মৰিয়নী সোণোৱাল চাহ বাগিছাৰ শ শ শ্ৰমিক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে চাহ বাগিছাৰ মালিক কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ বিভিন্ন অজুহাত দেখুৱাই মালিক পক্ষই আজিলৈ আদায় নকৰিলে তেওঁলোকৰ প্ৰাপ্য বনাচৰ ধন ৷

মৰিয়নী সোণোৱাল চাহ বাগিছা
মৰিয়নী সোণোৱাল চাহ বাগিছা

মৰিয়নী, 6 মাৰ্চঃ চাহ বাগিছাৰ মালিক কৰ্তৃপক্ষৰ বিৰুদ্ধে এইবাৰ ওলাই আহিল মৰিয়নী সোণোৱাল চাহ বাগিছাৰ শ শ শ্ৰমিক ৷ বাগিছাখনৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিলে ক্ষুব্ধ শ্ৰমিকসকলে ৷ অভিযোগ অনুসৰি বিগত বৰ্ষৰ দুৰ্গা পূজাৰ সময়ত শ্ৰমিকসকলে পাবলগীয়া বনাচ মালিক পক্ষই দুটা ভাগত বিভক্ত কৰি শ্ৰমিক সকলক দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ প্ৰতিশ্ৰুতি অনুযায়ী শ্ৰমিক সকলে বনাচৰ ধনৰ এটা ভাগ দুৰ্গা পূজাৰ সময়ত পায় যদিও, বাকী থকা ভাগৰ টকা আজি পৰ্যন্ত নাপালে মালিক পক্ষৰ পৰা ৷ চলিত বৰ্ষৰ জানুৱাৰী মাহতে সেই টকা দিয়াৰ কথা আছিল যদিও তেওঁলোকৰ প্ৰাপ্য আদায়ৰ ক্ষেত্ৰত বিভিন্ন অজুহাত দেখুৱাই আহিছে মালিক পক্ষই ৷ যাৰ বাবে শুকুৰবাৰে পুৱাৰ পৰা শ্ৰমিক সকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷

পৰিস্থিতি ক্ষান্ত কৰিবলৈ ঘটনাস্থলীত মোতায়েন আৰক্ষী

পৰিস্থিতি ক্ষান্ত কৰিবলৈ ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লোক মোতায়েন কৰা হয় যদিও, বহু সময়লৈ অব্যাহত থাকে উত্তপ্ত পৰিস্থিতি ৷

মালিক কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ মৰিয়নী সোণোৱাল চাহ বাগিছাত

লগতে পঢ়কঃমাইক্ৰফাইনান্সৰ বিৰুদ্ধে সহস্ৰাধিক মহিলাৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details