সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল যোৰহাট
বিগত সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানে ৰাজ্যখনৰ ধন-জন,কৃষিভূমি ক্ষতি সাধন কৰি অসমৰ ৰাইজক আৰ্থিকভাৱে বিধ্বস্ত কৰিলে । ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে একমাত্ৰ নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিবলৈ খিলঞ্জীয়াক ব্যৱহাৰ কৰাৰ অভিযোগ সংগঠনটোৰ ।
যোৰহাট, 25 জুলাই: জনজাতিকৰণ আৰু বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে মৰ্যদা প্ৰদানৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ । বিগত সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানে ৰাজ্যখনৰ ধন-জন,কৃষিভূমি ক্ষতি সাধন কৰি অসমৰ ৰাইজক আৰ্থিক ভাৱে বিধ্বস্ত কৰিলে । ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে একমাত্ৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বলৈ খিলঞ্জীয়া সকলক ব্যৱহাৰ কৰি আহিছে । প্ৰথম কাৰ্যকাল শেষ হৈ দ্বিতীয়টো কাৰ্যকাল গ্ৰহণ কৰা নৰেন্দ্ৰ মোদী চৰকাৰে এতিয়াও জনজাতিকৰণৰ নামত লুকা-ভাকুহে খেলি আছে । সেয়েহে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।