যোৰহাট,9 ডিচেম্বৰঃ যোৰহাটত গণসত্যাগ্ৰহ। মাৰ বান্ধি ওলাই আহিল যোৰহাটৰ হাজাৰ হাজাৰ ৰাইজ। প্ৰতিবাদকাৰীসকলে কোনো কাৰণত মানি নলয় নাগৰিকত্ব সংশোধনী বিধেয়ক।
যোৰহাটত গণসত্যাগ্ৰহ, বিধেয়ক বিৰোধিতাৰে উভতাই আনিছে ৮৩ৰ পৰিৱেশ - যোৰহাটত গণসত্যাগহ, বিধেয়ক বিৰোধিতাৰে উভতাই আনিছে ৮৩ পৰিৱেশ
যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পুৱা ৯ বজাৰ পৰা হাজাৰ হাজাৰ সাধাৰণ নাগৰিক ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। সকলো মুখত এটাই কথা কোনো প্ৰতিবাদকাৰীয়ে মানি নলয় নাগৰিকত্ব সংশোধনী বিধেয়ক। কোনো জাতীয় সংগঠন তথা দলৰ নেতৃত্বত নহয় স্বত্বস্ফূৰ্ত বিধেয়কখনৰ বাতিলৰ দাবীত ওলাই আহিল প্ৰতিবাদকাৰী ৷
নাগৰিকত্ব সংশোধনী বিধেয়কে পুনৰ উভতাই আনিছে 83 পৰিৱেশ। তাৰ স্পষ্ট ছবি দেখা পোৱা গ'ল যোৰহাটত। যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত পুৱা ৯ বজাৰ পৰা হাজাৰ হাজাৰ সাধাৰণ নাগৰিকৰ ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। সকলো মুখত এটাই কথা কোনো প্ৰতিবাদকাৰীয়ে মানি নলয় নাগৰিকত্ব সংশোধনী বিধেয়ক। কোনো জাতীয় সংগঠন তথা দলৰ নেতৃত্বত নহয় স্বত্বস্ফূৰ্তভাৱে বিধেয়কখনৰ বাতিলৰ দাবীত ওলাই আহিল প্ৰতিবাদকাৰী। বিৰোধী দল কংগ্ৰেছ,সাহিত্যিক,সাংবাদিক,সাংস্কৃতিক কৰ্মী,জাতীয় দল সংগঠন,বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সাধাৰণ নাগৰিকৰ প্ৰতিবাদী কাৰ্যসূচীত সোমবাৰে উত্তাল হ'ল যোৰহাটৰ ৰাজপথ।