যোৰহাট, 14 ডিচেম্বৰঃবুধবাৰে ৰাজ্য সভাত কেব গৃহীত হোৱাৰ পাচতে জনসাধাৰণৰ কেব বিৰোধী প্ৰতিবাদত অগ্নিগৰ্ভা হৈ পৰে অসম ৷ সমগ্ৰ ৰাজ্যতে বিভিন্ন দল সংগঠনৰ লগতে ছাত্ৰ সংগঠন, শিল্পী সমাজ আৰু সাধাৰণ জনতাই এই বিধেয়কখনৰ বিৰোধিতা কৰি ৰাজপথলৈ উলাই আহে ৷
যোৰহাটত নাগৰিকত্ব আইন বাতিলৰ দাবীত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী - ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ
বহু তৰ্ক-বিতৰ্কৰ পাচত সোমবাৰে লোকসভাত 311 জন সাংসদে এই বিধেয়কখনৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে 80 জন ভোটদাতাই বিধেয়কখনৰ বিপক্ষে ভোটদান কৰে ৷ অৱশেষত বুধবাৰে 125-05 ভোটৰ ব্যৱধানত ৰাজ্যসভাত এই বিধেয়কখন গৃহীত হয় ৷ আৰু বৃহস্পতিবাৰে বৃহস্পতিবাৰে মধ্য ৰাতি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নাগৰিকত্ব সংশোধনী বিধেয়কত স্বাক্ষৰ প্ৰদান কৰে ৷
![যোৰহাটত নাগৰিকত্ব আইন বাতিলৰ দাবীত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী protest at jorhat against CAB](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5368661-thumbnail-3x2-shjdsj1.jpg)
ৰাজ্যৰ অশান্ত জৰ্জৰ পৰিস্থিতি কিছু পৰিমাণে শাম কাটিছে যদিও এতিয়াও ৰাজ্যজুৰি অব্যাহত আছে গণতান্ত্ৰিক প্ৰতিবাদ ৷ শনিবাৰে যোৰহাটতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতি আৰু যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত তথা যোৰহাট জিলা কৰ্মচাৰী পৰিষদ, 30 জনগোষ্ঠীয় সংগঠন, সাহিত্য সভা, চিকিৎসক, শিল্পী, কবি, সাহিত্যিক, উকীল সমাজ, সংবাদ কৰ্মী, বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু যোৰহাটীয়া ৰাইজৰ সহযোগত নাগৰিকত্ব আইন (সংশোধিত-১৯) বাতিলৰ দাবীত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
লগতে পঢ়ক - কেবক লৈ আইনী যুঁজ দিবলৈ বৰঙণি সংগ্ৰহৰ আহ্বান জে আই কাথাৰৰ