যোৰহাট, 4 মাৰ্চ :ৰাজ্যত বৰ্তমানৰ সময়লৈকে মাইক্ৰ ফাইনেন্সৰ কৱলত পৰি ২২ জন লোকে প্ৰাণ দিবলগীয়া পৰিস্থিতি হৈছে । নিম্নতম ঋনৰ নামত একাংশ ফাইনেন্স কোম্পানীয়ে এতিয়া ডকাইতিৰ দৰে কাৰ্য সংঘটিত কৰিছে । আনকি ৰিজাৰ্ভ বেংকৰ নীতি নিয়মো নামানে এইসমূহ কোম্পানীয়ে । এই অভিযোগ হিন্দু যুৱ ছাত্র পৰিষদৰ ।
যোৰহাটত মাইক্ৰ' ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ - protest aginest micro finance Company at Jorhat
মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে যোৰহাটত মহিলাৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী । পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড জালিয়াতিৰ অভিযোগ ।
যোৰহাটত মাইক্ৰ' ফাইনেন্স কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ
বুধবাৰে মাইক্ৰ ফাইনেন্সৰ বিৰুদ্ধে যোৰহাটত জাগ্ৰত নাৰী সুৰক্ষা সমাজ আৰু হিন্দু যুৱ ছাত্র পৰিষদৰ শতাধিক সদস্যই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰীসকলে ১৩ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ দাখিল কৰে ।
Last Updated : Mar 4, 2020, 1:52 PM IST
TAGGED:
READY TO USE STORY