টীয়ক, 27 মে’:হাজোৰ ক্ষুদ্ৰ পাঁচলি ব্যৱসায়ী সনাতন ডেকাৰ হত্যাকাণ্ডৰে জড়িত অভিযুক্ত কেইজনক ফাঁচী দিয়াৰ দাবীত বুধবাৰে টীয়কৰ বাদুলীপুখুৰীত প্ৰতিবাদ সাব্যস্ত ৷ মৰিয়া জাতি যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত আৰু ৰাইজৰ সহযোগত স্থানীয় যুৱকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ।
টীয়কত সনাতন ডেকাৰ হত্যাকাৰীক ফাঁচীৰ দাবীত প্ৰতিবাদ - টীয়কত মৰিয়া জাতি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
হাজোৰ সনাতন ডেকাৰ হত্যাকাৰীক ফাঁচীৰ দাবী আৰু এই ঘটনাক সাম্প্ৰদায়িক ৰূপ নিদিয়াৰ আহ্বান জনাই টীয়কত প্ৰতিবাদ সাব্যস্ত কৰে মৰিয়া জাতি যুৱ ছাত্ৰ পৰিষদ আৰু স্থানীয় ৰাইজে ৷ দোষীক অতি শীঘ্ৰেই উচিত শাস্তি বিহাৰ আহ্বান প্ৰতিবাদকাৰীৰ ৷
টীয়কত সনাতন ডেকাৰ হত্যাকাৰীক ফাঁচীৰ দাবীত প্ৰতিবাদ
লগতে একাংশ লোকে হাজোৰ এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দি সামাজিক মাধ্যমৰ যোগেদি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় । এনে ঘটনাৰ সঁজুলি হিচাপে লৈ সাতামপুৰুষীয়া অসমৰ সম্প্ৰীতি বিনষ্ট নকৰিবলৈ আহ্বান জনায় প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক:এয়াৰ ইণ্ডিয়াৰ যাত্ৰী সকলৰ বাবে সুখবৰ !