অসম

assam

ETV Bharat / state

মূল্য বৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত উত্তাল প্ৰতিবাদ - protest-against-price-hike-of-essential-goods-at-jorhat

অত্যাৱশ্যকীয় সামগ্ৰী যেনে-পেট্ৰল, ডিজেলৰ লগতে মিঠাতেল, আলু, দালি আদি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে যোৰহাট চহৰত দুটাকৈ সংগঠনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ শাসকীয় বিজেপি চৰকাৰক উফৰাই পেলাবলৈ ভোটাৰ ৰাইজলৈ আহ্বান প্ৰতিবাদকাৰীৰ ৷

protest-against-price-hike-of-essential-goods-at-jorhat
মূল্য বৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত উত্তাল প্ৰতিবাদ

By

Published : Mar 5, 2021, 4:57 PM IST

যোৰহাট,5 মাৰ্চ: পেট্ৰল,ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোৰহাটত চিটু( CITU)ৰ প্ৰতিবাদ ৷ শুকুৰবাৰে মেডিকেল চেলচ ৰিপ্ৰেজেনটেটিভ ইউনিয়ন যোৰহাট জিলা সমিতি আৰু চিটুয়ে যোৰহাট নগৰত মূল্য বৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷

মূল্য বৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত উত্তাল প্ৰতিবাদ

উল্লেখ্য যে, প্ৰায় প্ৰতিদিনে হোৱা মূল্যবৃদ্ধিৰ ফলত এতিয়া দৈনিক ভাত সাঁজৰ চিন্তা কৰিব লগীয়া হৈছে সাধাৰণ ৰাইজে ৷ পেট্ৰল,ডিজেলৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যেনে-মিঠাতেল, দালি আদি সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত ত্ৰাহি মধুসূদন দেখিছে সাধাৰণ ৰাইজে ৷ বহু প্ৰতিবাদ, আহ্বানৰ অন্ততো শাসকীয় চৰকাৰ খনে মূল্যবৃদ্ধি ৰোধৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ মাজতে শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে মেডিকেল চেলচ ৰিপ্ৰেজেনটেটিভ ইউনিয়ন যোৰহাট জিলা সমিতি আৰু চিটুৱে ৷ লগতে শাসকীয় বিজেপি চৰকাৰক এইবাৰ গাদীৰ পৰা উফৰাই পেলাবলৈ ৰাইজলৈ আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়কঃৰূপহীহাটৰ জুৰীয়াত কংগ্ৰেছ দলৰ ডিজিটেল প্ৰচাৰ অভিযান

ABOUT THE AUTHOR

...view details