অসম

assam

ETV Bharat / state

আলু পিয়াঁজৰ উৰ্ধমুখী দামে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক - শাসকীয় দলৰ নেতা

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে ৰাইজক জ্বলাকলা খুৱাইছে | মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰ | চৰকাৰৰ ব্যৰ্থতাক ঢাকিবৰ বাবে শাসকীয় দলৰ নেতাৰ সস্তীয়া মন্তব্যক গৰিহণা বিভিন্ন দল সংগঠনৰ ৷

protest against price height of essential goods
আলু পিয়াঁজৰ উৰ্ধমুখী দামে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক

By

Published : Nov 6, 2020, 11:14 AM IST

টীয়ক,6 নৱেম্বৰ: বজাৰত আলু পিয়াঁজৰ উৰ্ধমুখী দামে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে ৰাইজক কোঙা কৰাৰ সময়তে শাসকীয় দলৰ একাংশ বিধায়ক,নেতা-পালিনেতাৰ কেতবোৰ টুলুঙা মন্তব্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰ ৷ চৰকাৰৰ ব্যৰ্থতাক ঢাকিবৰ বাবে শাসকীয় দলৰ নেতাৰ সস্তীয়া মন্তব্যক গৰিহণা দিছে ৰাজ্যৰ বিভিন্ন দল সংগঠনে ।

আলু পিয়াঁজৰ উৰ্ধমুখী দামে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক

বজাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ৰাজ্যৰ সচেতন মহলে। উল্লেখ্য যে সমগ্ৰ দেশতে কৃষি বিধেয়কৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদ চলিছিল যদিও কেন্দ্ৰীয় চৰকাৰে সেই প্ৰতিবাদৰ প্ৰতি আওকাণ কৰি দেশত কৃষি আইন গৃহিত কৰাৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আলু পিয়াজকে ধৰি বহুতো সামগ্ৰী আঁতৰাই কৃষকসকলক উপকৃত কৰাৰ লগতে মূল্য বৃদ্ধি ৰোধৰ যি সিদ্ধান্ত লোৱা হ'ব বুলি কৈছিল সেয়া কাৰ্যত:ফলপ্ৰসু নোহোৱাৰ আশংকা প্ৰকট বুলি মন্তব্য কৰিছে ৰাজ্যৰ দল সংগঠনসমূহে |

লগতে পঢ়ক:জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰ গুলিত নিহত আতংকবাদী

ABOUT THE AUTHOR

...view details