যোৰহাট, 29 নৱেম্বৰ: অসম লোকসেৱা আয়োগ(Assam Public Service Commission)ৰ পৰীক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে আজিও ৰাজ্যত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী (Protest against new rule of APSC)। দেশৰ আন আন ৰাজ্যত আঞ্চলিক ভাষাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি অহাৰ সময়তে ৰাজ্য চৰকাৰখনে অসমীয়া ভাষাক অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা আঁতৰ কৰা (Withdrawal of Assamese language from APSC)ত শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাব্যস্ত হৈছে প্ৰতিবাদ ।
বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি অহাৰ সময়তে পুনৰ যোৰহাটৰ ৰাজপথত নামিল সদৌ যোৰহাট জিলা ছাত্ৰ সন্থা (All Jorhat District Students Union) । অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া ভাষা (Compulsory subjects in APSC)ৰ প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ প্ৰতিবাদত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী অৱস্থান ধৰ্মঘটৰ এক কাৰ্য্যসূচী ৰূপায়ন কৰে ৷