অসম

assam

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 6:15 PM IST

ETV Bharat / state

আত্মীয়ৰ শ্ৰাদ্ধলৈ যাবলৈ বাহন নাপাই কান্দোনত ভাগি পৰিল আইতা

Protest in Assam: আজিৰে পৰা দুদিনীয়াকৈ অসমৰ মটৰ শ্ৰমিক সন্থাই ঘোষণা কৰা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে যোৰহাটত । ফলত সমস্য়াৰ সন্মুখীন হয় ৰাইজ ।

Hit and run law
যোৰহাটত অসহায় মহিলা

যোৰহাটত অসহায় মহিলা

যোৰহাট, ৫ জানুৱাৰী:এগৰাকী আইতাই যোৰহাট বাছ আস্থানৰ পথৰ দাঁতিত এখন ৰিক্সাত বহি কান্দিছে । মাথো কান্দিয়েই আছে । কোনে আইতা গৰাকীক দিব সান্তনা ? কাৰণ মটৰ পৰিবহণ সন্থা আৰু দিবা নৈশ বাছ চালক সন্থাই কেন্দ্ৰ চৰকাৰে প্ৰৱৰ্তন কৰা নতুন আইন 'হিট এণ্ড ৰাণ'ৰ বিৰোধিতা কৰি সমগ্ৰ দেশৰ লগতে যোৰহাটতো কৰ্মবিৰতি পালন কৰি যাতায়ত ব্যৱস্থা একপ্ৰকাৰ স্তব্ধ কৰি তোলে । ফলত গন্তব্য স্থানলৈ যাবলৈ নাপাই অসহায় বোধ কৰিছে আন যাত্ৰীৰ লগতে আইতাগৰাকীয়ে ।

যোৰহাট ৰয়েল ৰোডৰ এটি ভাড়াঘৰত থাকি জীৱন নিৰ্বাহ কৰা আইতা গৰাকীয়ে উক্ত স্থানৰ পৰা প্ৰায় ৫ কিলোমিটাৰ নিলগত থকা বাছ আস্থানত উপস্থিত হৈছিল এখন ৰিক্সাৰে । ইয়াৰ পৰাই আইতা গৰাকীয়ে শিৱসাগৰ আত্মীয়ৰ শ্ৰাদ্ধৰ বাবে ৰাওনা হ'ব বিচাৰিছিল যদিও গাড়ী চলাচল নকৰাত এইদৰে অসহায় বোধ কৰি ৰিক্সাত বহিয়ে কান্দি উঠিল । এই বিপদত পৰা অসহায় মহিলাগৰাকীয়ে কয়," মোক শিৱসাগৰলৈ যাবলৈ কিবা এটা ব্যৱস্থা কৰি দিয়ক । " আইতা গৰাকীয়ে আঘাতপ্ৰাপ্ত ভৰিৰেই উক্ত স্থানত উপস্থিত হৈছিল । এইগৰাকী আইতাই অসহায়ভাৱে ৰাজপথত আৰ্তনাদ কৰি থকা ঘটনাই সকলোৰে অন্তৰ জোকাৰি যায় ।

কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা 'হিট এণ্ড ৰাণ' আইনখনৰ বিৰুদ্ধে আজি ৰাজ্য়জুৰি প্ৰতিবাদ জনায় আজিৰে পৰা দুদিনীয়া অসমৰ মটৰ শ্ৰমিক সন্থাই বন্ধ ঘোষণা কৰাত ৰাইজে সমস্য়াৰ সন্মুখীন হ'বলগীয়া হৈছে । এই আইনৰ অধীনত অধীনত এজন চালকৰ দ্বাৰা কোনো পথাচাৰী নাইবা বাইক আৰোহী দুৰ্ঘটনাত পতিত হৈ আহত অথবা মৃত্যু হ'লে যদি সেই দুৰ্ঘটনাগ্ৰস্ত স্থানৰ পৰা চালকজন পলায়ন কৰিলে সেই চালকজনৰ বিৰুদ্ধে ১০ বছৰ কাৰাদণ্ডৰ লগতে ৭ লাখ টকাৰ পৰ্যন্ত জৰিমনা বিহা হ'ব । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই আইনৰ বিষয়ে ঘোষণা কৰাৰ পাছতে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ।

লগতে পঢ়ক:যোৰহাট-গোলাঘাটত গাড়ী চালক সন্থাৰ কৰ্মবিৰতি

ABOUT THE AUTHOR

...view details