তিতাবৰ, 1 নৱেম্বৰঃ তিতাবৰৰ বৰহোলাত মাইক্ৰ’ ফাইনেন্সৰ শোষণ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ শতাধিক মহিলাৰ ৷ কেইবাটাও জাতীয় সংগঠনৰ নেতৃত্বত বৰহোলা চাহ বাগিচাৰ পৰা বৰহোলা তিনি আলিলৈকে এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, এই বিত্তীয় প্ৰতিষ্ঠানে যদি নিজৰ সুদৰ হাৰ 26% কম নকৰে তেতিয়ালৈ বৰহোলাৰ কোনো মহিলাই নিজৰ সুত পৰিশোধ নকৰে ।
বৰহোলাত মাইক্ৰ’ ফাইনেন্সৰ শোষণ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ
তিতাবৰৰ বৰহোলাত মাইক্ৰ’ ফাইনেন্সৰ শোষণ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ শতাধিক মহিলাৰ ৷ কেইবাটাও জাতীয় সংগঠনৰ নেতৃত্বত বৰহোলা চাহ বাগিচাৰ পৰা বৰহোলা তিনিআলি পৰ্যন্ত এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷
বৰহোলাত মাইক্ৰ’ ফাইনেন্সৰ শোষণ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ
ইমানেই নহয়, মাইক্ৰ’ ফাইনেন্স ব্যৱস্থাই গ্ৰাম্য অৰ্থনীতিক ধ্বংস কৰাৰ লগতে গাঁৱৰ মহিলাসকলৰ সম্প্ৰীতিৰ এনাজৰীডাল ভঙাৰ প্ৰৱণতা কঢ়িয়াইছে বুলি মন্তব্য প্ৰদান কৰে ৷ ইয়াৰোপৰি মাইক্ৰ’ ফাইনেন্স কোম্পেনীক সম্পূৰ্ণ ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি ঋণ প্ৰদান কৰাৰো আহ্বান জনায় ৷ উল্লেখ্য যে, মাইক্ৰ' ফাইনেন্স কোম্পানীৰ ঋণ পৰিশোধ কৰিব নোৱাৰি বৰহোলাৰ তিনিজন লোকে বিগত দিনত আত্মহত্যাৰ পথ বাছি লৈছিল ৷
আৰু পঢ়কঃ দুখন দা আৰু দুটা টৰ্চ লাইটেৰে চলিছে এখন বৰ্ষাৰণ্যৰ নিৰাপত্তা