টীয়ক, 10 জুন:একাংশচৰকাৰী বিদ্যালয়ক একত্ৰিকৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সমান্তৰালকৈ চৰকাৰী নিৰ্দেশনামৰ্মে যোৰহাট জিলাৰ টীয়কৰ মধ্য যোৰহাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত দচুক মাজগাঁও প্ৰাথমিক বিদ্যালয়ক দাঁতিকাষৰীয়া ৪০১ নং খঙীয়া মাজগাঁও প্ৰাথমিক বিদ্যালয়ৰ সৈতে একত্ৰিকৰণ কৰি পাঠদান আৰম্ভ কৰিব লাগে যদিও এই ক্ষেত্ৰত এতিয়া বাধা প্ৰদান কৰিছে বিদ্যালয়ৰ মাতৃগোট, যুৱ পৰিষদকে আদি কৰি গাঁৱৰ ৰাইজে(Protest against merging of school at teok in Jorhat) ৷
বৰ্তমান চৰকাৰৰ এই নিৰ্দেশনা কোনো পধ্যেই মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰি বিদ্যালয়ৰ প্ৰয়োজনীয় নথি পত্ৰ প্ৰধান শিক্ষয়ত্ৰীক দিবলৈ অমান্তি হৈছে বিদ্যালয়ৰ মাতৃগোট, যুৱ পৰিষদকে ধৰি গাঁৱৰ ৰাইজে ৷
আনহাতে, বিদ্যালয়ৰ একত্ৰিকৰণ কৰিলে হ'বলগীয়া সমস্যাসমূহৰ কথা ৰাজহুৱাকৈ লিখিতভাৱে বিদ্যালয় পৰিদৰ্শক তথা উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰাৰ পিচত ইয়াৰ ওপৰত পুনৰ পৰ্যবেক্ষণ কৰা হ'ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে বিদ্যালয়ৰ কতৃপক্ষই ।